লকডাউনত পদপথৰ নিবাসীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল শুৱালকুছিৰ দুই সাংবাদিক

Pic

মৃণাল ডেকা,শুৱালকুছি:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৪ মাৰ্চত ক’ৰ’না ভাইৰাছ (কোভিড- ১৯)ৰ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত 'লকডাউন' ঘোষণা কৰাৰ পিছত ভাৰতৰ লগতে ৰাজ্যৰ বহু সাধাৰণ মানুহ বিপদত পৰিছে।এই সময়তে শুৱালকুছিৰ দুই যুৱ সাংবাদিক বৈদ্যুতিন মাধ্যম ডিৱাই- ৩৬৫ৰ স্থানীয় সাংবাদিক মৃদুল প্ৰীতম ডেকা,'আমাৰ অসম' কাকতৰ স্থানীয় সাংবাদিক মৃণাল ডেকাৰ লগতে শুৱালকুছিৰ উদীয়মান যুৱক পৰাগ দাসে ব্যক্তিগত প্ৰচেষ্টাত গুৱাহাটীৰ পদপথত বাস কৰা একাংশ বৃদ্ধ আৰু শিশুক বিস্কুট আৰু পানীৰ বটল প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দিয়ে। গুৱাহাটীৰ শুক্লেশ্বৰ মন্দিৰ,মাছখোৱা ব্ৰহ্মপুত্ৰৰ পাৰৰ পদপথত বাস কৰা প্ৰায় ১০০ জন শিশু,মহিলা আদিকে কৰি বৃদ্ধ লোকক পানীৰ বটল বিস্কুট আদি প্ৰদান কৰে।এনে পদক্ষেপ সন্দৰ্ভত যুৱ সাংবাদিক মৃদুল প্ৰীতম ডেকাই কয় যে দেশৰ প্ৰধানমন্ত্ৰীয়ে ক'ৰ'না প্ৰতিৰোধৰ বাবে লকডাউন ঘোষণা কৰাত সাধাৰণ লোক গাঁথিৰ ধনেৰে সামগ্ৰী ক্ৰয় কৰি দুবেলা দুমুঠি খাব। কিন্তু পদপথৰ লোক আৰু শিশু সকলে কি খাব?সেয়েহে এই ক্ষুদ্ৰ প্ৰয়াসৰ জৰিয়তে কিছু ক্ষুধা নিবাৰণ হ'ব।লগতে আন সদাশয় ব্যক্তিকো এই সকল লোকক সহায় কৰাৰ বাবে অনুৰোধ জনায় ৷ আনহাতে,পথচাৰীসকলক খাদ্য যোগান ধৰাৰ আগত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ সম্বন্ধেও সজাগতা অৱলম্বন কৰিবলৈ চৰকাৰে দিয়া নিৰ্দেশনাৱলীসমূহ পালন কৰিবলৈ অনুৰোধ জনায় ৷ 'আমাৰ অসম'কাকত আৰু 'নিউজ এএচএন'ৰ স্থানীয় সাংবাদিক মৃণাল ডেকাই কয় যে পদপথত বাসকৰা বহুকেইগৰাকী লোক তথা লকডাউনত আৱদ্ধ বহিঃৰাজ্যৰ লোকে ৩-৪ দিন পৰ্য্যন্ত লঘোণে থকাৰ কথাও তেওঁলোকৰ আগত ব্যক্ত কৰিছে৷আনহাতে,শুৱালকুছি সাংবাদিক সন্থাৰ সহকৰী সম্পাদক তথা নিউজ টাইম,অসমৰ জেষ্ঠ সাংবাদিক ৰূপক বৈশ্যই গুৱাহাটীৰ কাৰ্য্যালয়ৰ পৰা ঘৰলৈ উভতি আহোতে বিভিন্ন ৰোগীৰ ঔষধ সংগ্ৰহ কৰি যোগান ধৰি আহিছে আৰু ঔষধৰ প্ৰয়োজন হ’লে ৰূপক বৈশ্যৰ ৮৩৯৯৯৬৮১৯৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়।শুৱালকুছিৰ এই সকল যুৱ সাংবাদিকৰ মানৱ দৰদী কার্যৰ স্থানীয় দল-সংগঠনৰ লগতে সচেতন ৰাইজে শলাগ লৈছে।

Your Comments