বঙাইগাঁওঃ
সংসদৰ চলিত অধিৱেশনতে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিয়ে ৷ ইয়াৰ অন্যথা আগন্তুক দিনত বিজেপিয়ে তাৰ ফল ভুগিব লাগিব বুলিও হুংকাৰ দিছে ৷ সোমবাৰে এক প্ৰেছ বিবৃতিত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ে কয় যে কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ বাবে অসম চৰকাৰৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পাঁচজনীয়া মন্ত্ৰী গোটৰ সমিতি গঠন কৰি দিয়া আজি প্ৰায় এবছৰ হ'ল ৷ কিন্তু আজিলৈকে সমস্যাটো সমাধান কৰাৰ বাবে কোনোধৰণৰ বাস্তৱ পদক্ষেপ নললে ৷ বিগত ২০১৯ ৰ লোক সভাৰ নিৰ্বচনৰ প্ৰাকমুহুৰ্তত মন্ত্ৰী গোট আৰু সংগঠসমূহৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল যদিও কোনো ধৰণৰ সমাধানৰ সূত্ৰ গ্ৰহণ নকৰিলে ৷ তাৰ পিছত আজিলৈকে সমাধানৰ কোনো বাস্তৱ ব্যৱস্থায়ো গ্ৰহণ কৰা নহ'ল ৷ গতিকে ইয়াৰ পৰা বুজা যায় যে বিজিপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰখনৰ জজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ আচলতে কোনো সদিছা নাই । বিজেপি চৰকাৰখনে জনজাতিকৰণৰ বিষয়টো কেৱল নিৰ্বাচনী ইছ্যু হিচাপেহে ব্যৱহাৰ কৰি আহিছে ৷ বিবৃতিটোত কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি ৰায়ে কয় যে সংসদৰ চলিত অধিৱেশনতে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷ অন্যথা আগন্তুক দিনত বিজেপিয়ে তাৰ ফল ভুগিব লাগিব বুলিও কয় ৷ ইপিনে ৰাজ্যসভাৰ খালী হোৱা আসনত বিজেপি দল তথা চৰকাৰক কোচ ৰাজবংশী জনগোষ্ঠীটোৰ এজন ব্যক্তিক নিৰ্বাচিত কৰাৰ বাবেও দাবী জনায় সভাপতিগৰাকীয়ে।
- Log in to post comments
- 10 views