কোকৰাঝাৰ চহৰৰ খাৰগাঁও টেঙাপাৰাৰ
বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।মঞ্চত প্ৰধানমন্ত্ৰীক আদৰণি জনায় ৰাজ্যপাল জগদীশ মুখী,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী,বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰা সংগঠনসমূহৰ নেতৃবৰ্গই।মঞ্চত প্ৰধানমন্ত্ৰীয়ে মাল্যাৰ্পণ কৰে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত।প্ৰথমতে ভাষণ প্ৰদান কৰি হাগ্ৰামা মহিলাৰীয়ে বড়ো শান্তি চুক্তি স্বাক্ষৰ সম্ভৱ কৰি তোলাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে।বড়ো শান্তি চুক্তি বিটিচিত বাস কৰা সকলো জাতি-জনগোষ্ঠীৰ বাবে বুলি তেওঁ উল্লেখ কৰে।কোনোৱে আশংকা কৰিব লগীয়া নাই বুলি মহিলাৰীয়ে মন্তব্য কৰে।
- Log in to post comments
- 17 views