আজি দিনৰ ১২ বজাত কোকৰাঝাৰত বড়ো শান্তি চুক্তি উদযাপনৰ জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

Pic

শুকুৰবাৰে দিনৰ ১২ বজাত কোকৰাঝাৰ চহৰৰ জাংখ্ৰীথাই পথাৰত উপস্থিত হৈ জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।বড়ো শান্তি চুক্তি উদযাপনৰ বাবে আয়োজিত হ'ব লগা জনসভাখনত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী,বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰা এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু সম্পাদক লৰেন্স ইছলাৰী আৰু এনডিএফবিৰ চাৰিটা গোটৰ চাৰিগৰাকী নেতাই।

Your Comments