প্ৰসংগ গুৱাহাটীত বোমা উদ্ধাৰ:মহানগৰীলৈ অনা হ'ল আলফা নেতা ৰক্তিম গগৈক

Pic

মহানগৰীত আইইডি সংস্থাপন কৰা আলফা(স্বা)ৰ দুধর্ষ কেডাৰ ৰক্তিম গগৈক তিনিচুকীয়াৰ পৰা অনা হ'ল গুৱাহাটীলৈ।বৃহস্পতিবাৰে দুধর্ষ আলফা(স্বা) কেডাৰগৰাকীক তিনিচুকীয়াৰ পৰা মহানগৰ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা মাজেৰে গুৱাহাটীলৈ আনে।বৰ্তমান গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাত ৰখা হৈছে আলফা নেতা ৰক্তিম গগৈক।উল্লেখ্য যে বুধবাৰে মহানগৰীৰ পল্টনবজাৰ আৰু পাণবজাৰত উদ্ধাৰ হোৱা দুটাকৈ আইইডি সংস্থাপন কৰাৰ অন্যতম ব্যক্তি আছিল ৰক্তিম গগৈ।১ ফেব্ৰুৱাৰীত আলফা নেতাগৰাকীয়ে বোমা দুটা সংস্থাপন কৰাৰ পিছতে তিনিচুকীয়া আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল আলফা নেতাগৰাকী।গ্ৰেপ্তাৰ হোৱা আলফা নেতাগৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিতে বুধবাৰে মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছিল দুটা বোমা।

Your Comments