আহোম ৰয়েল ছ'চাইটিৰ উদ্যোগত চেংমুন বুঢ়াগোহাঁইৰ মৈডামত চাফাই অভিযান

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ নগৰৰ মাজমজিয়াৰ গোহাঁইচুকত অৱস্থিত চেংমুন বুঢ়াগোহাঁইৰ মৈডামত দেওবাৰে আহোম ৰয়েল ছ'চাইটিৰ শিৱসাগৰ জিলা সমিতি আৰু গোহাঁইচুকৰ ৰাইজৰ সহযোগত এটা চাফাই কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত চাফাই কাৰ্যসূচীত আহোম ৰয়েল ছ'চাইটিৰ সম্পাদক পাৰ্শ্বজ্যোতি গগৈ, উপ-সভাপতি পৱিত্ৰ ৰাজকোঁৱৰ, তন্ময় বুঢ়াগোহাঁই, কোষাধক্ষ্য ৰাতু কুমাৰ দাস, প্ৰচাৰ সম্পাদক কল্যাণজ্যোতি বুঢ়াগোহাঁই, কাৰ্যকৰী সদস্য কুমুদ দিহিঙ্গীয়া, ৰূপম ভাগৱতী, বিনোদ বৰা, আছু নেতা প্ৰদীপ বুঢ়াগোহাঁই, সাংবাদিক প্ৰশান্ত বুঢ়াগোহাঁই, বীৰু বুঢ়াগোহাঁইৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। শিৱসাগৰ নগৰৰ মাজমজিয়াত অৱস্থিত আহোম ৰাজসভাৰ মন্ত্ৰী চেংমুন বুঢ়াগোহাঁইৰ এই মৈডামটো বৰ্তমান প্ৰচাৰ নোহোৱা অৱস্থাত আছে। উল্লেখ্য যে পুখুৰীপৰীয়া বুঢ়াগোহাঞি ফৈদৰ আদি পুৰুষজনৰ নাম চাওলুং। তেওঁ চাও ফ্ৰংডাম বুঢ়াগোহাঞি পুত্ৰ লাঙিপুঙৰ নাতি চাও চুৰাংকি লুঙৰ ১১ নং পুত্ৰ। এই বংশৰ মাথোন এজনেহে বুঢ়াগোহাঁঞি মন্ত্ৰী ডাঙৰীয়াৰ বিষয় ভোগ কৰিছিল। তেওঁ হ'ল চেংমুন বুঢ়াগোহাঁই। তেওঁ শিৱসিংহ স্বৰ্গদেওৰ ৰাজত্বকালত (১৭১৪-১৭৪৪ চন) বুঢ়াগোহাঞি মন্ত্ৰী ডাঙৰীয়াৰ বিষয়বাব ভোগ কৰিছিল। পিছত কিছুদিন প্ৰমত্ত সিংহ স্বৰ্গদেউৰ ৰাজত্বকালতো মন্ত্ৰী হিচাপে বিষয়বাব আছিল। বুৰঞ্জীবিদৰ মতে শিৱসাগৰ নগৰৰ গোহাঁইচুকত অৱস্থিত এই সুবিশাল মৈডামটো চেংমুন বুঢ়াগোহাঁইৰ মৈডাম। এই মৈডামতে অহা ৩১ জানুৱাৰীত আহোম ৰয়েল ছ'চাইটিৰ শিৱসাগৰ জিলা সমিতি আৰু গোহাঁইচুকৰ ৰাইজৰ সহযোগত ধৰ্মীয় পৰম্পৰাৰে মে-ডাম-মে-ফি পালন কৰিবলৈ লোৱা হৈছে।প্ৰতিবছৰে এই মৈডামত স্থানীয় লোকে মে- ডাম- মে -ফিত বন্তি প্ৰজ্বলন কৰি আহিছে।

Your Comments