নগাঁৱত "ৰ'দঘাই বেবেজীয়া" গঠন

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা: 

বেবেজীয়া।নগাঁও চহৰৰ পৰা ৯ কিল'মিটাৰ পশ্চিম প্ৰান্তত অৱস্থিত এটা সাংস্কৃতিক দিশত অগ্ৰণী অঞ্চল । অঞ্চলৰে প্ৰবীণ নাট্যকৰ্মী তথা শিল্পী পেঞ্চনাৰ প্ৰদীপ শৰ্মা,শিক্ষক-অভিনেতা ৰঞ্জন হাজৰিকা আৰু জনপ্ৰিয় অভিনেতা দীপ বৰাৰ প্ৰচেষ্টাত গঠন কৰা হয় "ৰ'দঘাই বেবেজীয়া" নামৰ এটা অনুষ্ঠানৰ। এই উপলক্ষে দেওবাৰে বেবেজীয়া প্ৰগতি সংঘ আৰু গণত পুথিভঁড়াল   প্ৰাংগণত   অনুষ্ঠিত  সভাত  সভাপতিত্ব কৰে প্ৰদীপ শৰ্মাই । মুকলি আকাশৰ তলত নাট্য শিক্ষা প্ৰদান কৰি নতুন প্ৰজন্মক নাটকৰ প্ৰতি আকৰ্ষিত  কৰাৰ প্ৰচেষ্টা "ৰ'দঘাই বেবেজীয়া"ৰ।সভাত অসমৰ বিশিষ্ট অভিনেতা  তথা পৰিচালক অজিত বৰঠাকুৰ,বেবেজীয়াৰ পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যাদৱ চন্দ্ৰ বৰা,সমাজৰ্মী অনন্ত হাজৰিকা,ভাৰত শৰ্মা,নাৰায়ণ হাজৰিকা,
প্ৰদ্যুম্ন গোস্বামী,সাংবাদিক দেৱজিৎ হাজৰিকা, জ্যোতিপ্ৰসাদ বৰা, প্ৰৱক্তা ওম প্ৰকাশ ডেকাৰ লগতে ফণীন্দ্ৰ শৰ্মা,জোন হাজৰিকা,সীমান্ত বৰা,ৰঞ্জিত শৰ্মা আদি  উপস্থিত থাকে । নগাঁৱৰ বেবেজীয়াত সৃষ্টিশীল মনৰ মানুহৰ চিন্তাৰ ফচল "ৰ'দঘাই বেবেজীয়া"ই মাঘৰ মাহৰ মুকলি পথাৰত অহা ১ আৰু ২ ফেব্ৰুবাৰীত কলাসন্মতভাৱে একাংকিকা নাটকৰ লগতে পূৰ্ণাংগ নাটকৰ মুকলি প্ৰদৰ্শন কৰিব বুলি উদ্যোক্তাসকলে জনাইছে।

Your Comments