গ্ৰন্থ প্ৰকাশক ৰাঘৱ চন্দ্ৰ গোস্বামীৰ শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ 'সমাজ সুহৃদ' উন্মোচন

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

'যি ঐতিহ্যই বৰ্তমানক ধৰি ৰাখিব পাৰে,সেই ঐতিহ্যই মহৎ ঐতিহ্য৷যিবিলাক ঐতিহ্যই বৰ্তমানক ধৰি ৰাখিব পাৰে,সেই ঐতিহ্য হৈছে মহৎ ঐতিহ্য৷'এই বক্তব্য গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড°পূৰ্ণ ভট্টাচাৰ্যৰ৷দেওবাৰে ৰঙিয়া মহকুমাৰ অন্তৰ্গত পশ্চিম বড়িগোগ শাখা সাহিত্য সভাৰ উদ্যোগত গ্ৰন্থ প্ৰকাশক,সমাজকৰ্মী প্ৰয়াত ৰাঘৱ চন্দ্ৰ গোস্বামীৰ শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ 'সমাজ সুহৃদ' উন্মোচন কৰি তেওঁ এইদৰে কয়৷তেওঁ কয় যে কোনে কি কৰিছিল সেইটো ডাঙৰ কথা নহয়,মানুহৰ লগত সুহৃদৰ দৰে মিলি যাব পৰাটোহে উল্লেখ কৰিব লগীয়া৷গোস্বামী তেনে ধৰনৰ ব্যক্তি৷সেই তাহানিতে অবিভক্ত কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাক কেন্দ্ৰ কৰি বৰভাগক সামৰি যি সাহিত্য চৰ্চাৰ পথাৰ চহকী কৰি গৈছিল,তাক শ্ৰদ্ধা সহকাৰে সোঁঁৱৰণ কৰিবই লাগিব৷ভট্টাচাৰ্যই কয় যে এওঁঁলোক এটি সভ্যতা নহয় এওঁলোক সুপ্ৰাচীন সভ্যতা৷আজি প্ৰয়াত গোস্বামীৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি পৰিয়ালৰ সহযোগত দিলীপ গোস্বামীৰ সম্পাদনাত প্ৰকাশ কৰি উলিৱা গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে আঞ্চলিক শাখা সাহিত্য সভা,চতমাৰ সভাপতি বীৰেন্দ্ৰ নাথ শৰ্মাই৷দিনৰ ১২ বজাত গোস্বামীৰ বাসভৱন প্ৰাংগনত  অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গল্পকাৰ হৰেন কলিতাই কয় যে আজিৰ যুগত কিতাপৰ মূল্য মানুহে কমকৈ বুজে৷সভাত আন এজন নিৰ্দিষ্ট বক্তা কুমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যায়ন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড°সুশান্ত কুমাৰ কাশ্যপে কয় যে এসময়ত প্ৰাথমিক পৰ্যায়ৰ নেওঁতা,'বুনিয়াদী নতুন ধাৰাপাঠ'ৰ দ্বাৰা ছাত্ৰ সমাজ অধ্যয়নৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হৈছিল৷আনহাতে সভাত অন্য দুজন নিৰ্দিষ্ট বক্তা পঃবঃশাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গগন চন্দ্ৰ কলিতা আৰু পঃবঃশাখা সাহিত্য সভাৰ সভাপতি ৰামদত্ত লহকৰে প্ৰয়াত গোস্বামীৰ স্মৃতি ৰোমন্থন কৰে৷সভাৰ আৰম্ভণিতে প্ৰয়াত গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু  সৰস্বতী বন্দনা আদি কৰাৰ পিচতে কবিতা পাঠ কৰে ক্ৰমে ললিতা লহকৰ আৰু দৰ্শনা গোস্বামীয়ে৷ সভাত সমজুৱাৰ ফালৰ পৰাও কেইবাজনো লোকে বক্তব্য  প্ৰদান কৰাৰ লগতে পৰিয়ালৰ ফালৰ পৰও বক্তব্য  প্ৰদান কৰে।৷সভাৰ উদ্দেশ্য ব্যখ্যা কৰে শাখা সাহিত্য সভাৰ সম্পাদক হৰমোহন কলিতাই৷সভাৰ আঁঁত ধৰে গোস্বামীৰ ভতিজা দিলীপ গোস্বামীয়ে৷শেষত জাতীয় সংগীত পৰিৱেশনৰে সভাৰ সামৰণি পৰে৷

Your Comments