শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
শিৱসাগৰৰ গৌৰীসাগৰত দেওবাৰে বিজেপিৰ নৱনিযুক্ত মন্ত্ৰী যোগেন মহনক ক'লা পতাকা প্ৰদৰ্শন কৰে 'আছু'ৱে। গুৱাহাটীৰ পৰা নিজ সমষ্টিলৈ আহি থকা অৱস্থাত শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ মিতং দলঙত ক'লা পতাকা প্ৰদৰ্শন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা নৱনিযুক্ত মন্ত্ৰী যোগেন মহনক।
আছুৰ শিৱসাগৰ জিলা সমিতিয়ে মন্ত্ৰী যোগেন মহন নিজ গৃহলৈ আহি থকাৰ খবৰ লাভ কৰাত উক্ত স্থানত পূৰ্বৰে পৰা ৰৈ থকা শতাধিক সদস্যই গৌৰিসাগৰত ক'লা প্ৰদৰ্শন কৰে।
সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়-'বিজেপিৰ নৱনিযুক্ত মন্ত্ৰী যোগেন মহনে নাগৰিকত্ব সংশোধনী আইন সমৰ্থন কৰি নাগপুৰৰ ওচৰত আঠু লৈছে।তাৰ বিৰোধিতাৰে আজি তেওঁক কলা পতাকা দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছো। যেতিয়ালৈকে 'কা' বাতিল নহয় আৰু বিজেপিৰ মন্ত্ৰী-বিধায়কে ৰাইজৰ আবেগ-অনুভূতিক সন্মান নকৰে,তেতিয়ালৈকে এনেদৰে প্ৰতিবাদৰ সন্মুখীন হৈ থাকিব।' অসমীয়াই কোনো কাৰণতে 'কা' মানি নলয় বুলি আছু নেতাগৰাকীয়ে মন্তব্য কৰে।
উল্লেখ্য যে শনিবাৰে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন আৰু তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।
- Log in to post comments
- 20 views