কালাগৰ পুননিৰ্মিত শ্ৰীশ্ৰী শ্যামৰায় নামঘৰৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ বৰভাগৰ ঐতিহাসিক প্ৰায় পাঁচশ বছৰীয়া শ্ৰীশ্ৰী শ্যামৰায় নামঘৰটো আটকধুনীয়াকৈ পুনৰ  নিৰ্মাণ কৰা হৈছে৷ অহা ১৮ জানুৱাৰীত আনুষ্ঠানিকভাৱে পুনৰ নিৰ্মিত নামঘৰটোৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ এই উপলক্ষে পুৱা ৭ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব শ্ৰীশ্ৰী শ্যামৰায় নামঘৰ পুনৰ নিৰ্মাণ সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী কাশীনাথ কলিতাই৷ স্মৃতি তৰ্পন কৰিব কালাগ গাওঁ উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতিদ্বয় ক্ৰমে শম্ভুৰাম কলিতা আৰু কাশীৰাম তালুকদাৰে৷ইয়াৰ পিচতে গছপুলি ৰোপন,স্বচ্ছতা অভিযান,ধৰ্মীয় শোভাযাত্ৰাৰ অন্তত দিনৰ ১১ বজাত পুনৰ নিৰ্মিত শ্যামৰায় নামঘৰৰ শুভ উদ্বোধনী অনুষ্ঠান৷ এই উপলক্ষে এখন ধৰ্মালোচনী সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ'ব৷দিনৰ দুই বজাত সমূহীয়া ভোগ গ্ৰহণ আৰু বিয়লি ৩.৩০ বজাত নাগাৰা নাম প্ৰদৰ্শন৷ সন্ধিয়া ৫ বজাত কালাগ গাঁৱৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা প্ৰয়াত মহান ব্যক্তিসকলৰ সোঁৱৰণত বন্তি প্ৰজ্বালন৷ গাঁৱৰ প্ৰতিঘৰৰ পদূলিত একোগছিকৈ বন্তি জ্বলোৱা হ'ব৷ অনুষ্ঠানত কালাগ অঞ্চলৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে নামঘৰ পুনৰ নিৰ্মাণ সমিতিৰ সভাপতি কাশীনাথ কলিতা আৰু সম্পাদক জয়ন্ত কুমাৰ তালুকদাৰে৷

Your Comments