শুৱালকুছিৰ প্ৰতিবেদক:
দেশত কাৰ্যকৰী হ'ল 'নাগৰিকত্ব সংশোধনী আইন-২০১৯'। বিজেপি আৰু মিত্ৰজোঁটৰ দলসমূহৰ বাহিৰে অসম তথা ভাৰতবৰ্ষৰ সকলো ৰাজনৈতিক দল আৰু সংগঠনৰ লগতে অসমৰো সকলো জাতীয় দল-সংগঠনে তীব্ৰ বিৰোধিতা কৰিছে এই জাতিধ্বংসী আইন 'কা’ৰ। এই আইনখন বাতিল কৰাৰ দাবীত ৰাজ্যৰ চৌদিশে সকলো জাতীয় দল- সংগঠনে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷শনিবাৰে সাংসদ কুইন ওজাক বামুন্দীত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই ক'লা পতাকা প্ৰদৰ্শন কৰে ৷ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই বামুন্দী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এটা অনুষ্ঠানত ভাগ ল'বলৈ গৈ থকা অৱস্থাত বামুন্দীত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে ক'লা পতাকা প্ৰদৰ্শন কৰি কনভয় আগুৰি ধৰে।সাংসদগৰাকীৰ সন্মুখত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে 'আছু'ৰ কৰ্মীসকলে।
- Log in to post comments
- 46 views