বঙাইগাঁৱৰ প্ৰতিবেদক:
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শনিবাৰে বঙাইগাঁৱত 'নাগৰিকত্ব (সংশোধনী) আইন-২০১৯'বাতিলৰ দাবীত সন্ধিয়া জোঁৰ সমদল উলিয়ায় ৷ বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সংগঠনটোৰ জিলা কাৰ্যালয় শ্বহীদ ভৱনৰ পৰা উলিওৱা জোঁৰ সমদল চহৰৰ মাজেৰে মায়াপুৰী তিনিআলি হৈ গান্ধী ময়দানৰ সন্মুখেৰে আহি পুনৰ 'আছু' কাৰ্যালয়ত সামৰণি পৰে ৷ জোঁৰ সমদলত অংশগ্ৰহণ কৰাসকলে 'কা' আমি নামানো , জাতিধ্বংসী 'কা' বাতিল কৰক ,বিজেপি চৰকাৰ হুচিয়াৰ , আহ ঐ আহ ,ওলাই আহ, নৰেন্দ্ৰ মোদী হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ ,ফণীভূষণ চৌধুৰী হুচিয়াৰ, ছাত্ৰ আজি ৰাজপথত,সৰ্বানন্দৰ কাম নাই আদি বিভিন্ন শ্লোগান দি গোটেই পথচোৱা মুখৰিত কৰি তোলে ৷ জোঁৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ গ্ৰহণ কৰি বঙাইগাঁও আঞ্চলিক আছুৰ সভাপতি কুলজিৎ ৰায়ে কয় যে কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে আমাৰ ওপৰত যি নাগৰিকত্ব সংশোধনী আইনখন জাপি দিবলৈ ওলাইছে,সেই আইনখন আমি কেতিয়াও নামানো ৷ আমি কেন্দ্ৰীয় চৰকাৰক সকিয়াই দিছো যে আমাৰ দেহত শেষ বিন্দু তেজ থকালৈকে আমি আইনখন নামানো আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম ৷ লগতে বিজেপি চৰকাৰে যদি জোৰপূৰ্বকভাৱে আমাৰ ওপৰত আইনখন জাপি দিবলৈ বিচাৰে,তেতিয়া হ'লে অনাগত দিনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে ৷ আনহাতে সাধাৰণ সম্পাদক জগদীশ ৰায়ে কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তক আমি কেতিয়াও মানি নলও ৷ চৰকাৰে যদি এই আইনখন অতি সোনকালে বাতিল নকৰে তেতিয়া হ'লে আছুই হাত সাৱটি বহি নাথাকো ৷ আমাৰ দেহত শেষ বিন্দু তেজ থকালৈকে আন্দোলন কৰি যাম ৷ কোনো চৰকাৰকে আমি কেয়াৰ নকৰো ৷ আমাৰ স্পষ্ট কথা আমি 'কা' নামানো ৷ জোঁৰ সমদল কাৰ্যসূচীত বিশিষ্ট সমাজকৰ্মী প্ৰভাত বৈষ্ণৱ, আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পুলেন ৰাজবংশীকে ধৰি আছুৰ বিষয়ববীয়া আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷
- Log in to post comments
- 12 views