নৰেন শৰ্মা,বাহাৰঘাট:
সদৌ অসম ছাত্র সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত শনিবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত সন্ধিয়া বিশাল জোৰ সমদল উলিওৱা হয়। সন্ধিয়া ৬:৩০ বজাত আল্লিয়া আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অৰ্জুন দাস আৰু সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাসৰ নেতৃত্বত উলিওৱা জোঁঁৰ সমদলত শতাধিক 'আছু' কৰ্মীকে ধৰি ভালেসংখ্যক নাগৰিকে অংশগ্ৰহণ কৰে।জোঁঁৰ সমদলত প্ৰতিবাদকাৰীয়ে কা আমি নামানো, নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিল কৰক,বিজেপি হায় হায়,জাতিদ্রোহী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে।আল্লিয়া হৰিমন্দিৰ চ'কৰ পৰা উলিওৱা জোৰ সমদল কাৰ্য্যসূচীত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ উপ-সভাপতি কল্প ৰাজবংশী,সাংগঠনিক সম্পাদক মিলন দাস,কাৰ্য্যনিৰ্বাহক সদস্য ৰঞ্জিত শৰ্মা উপস্থিত থাকি বৃহত্তৰ আল্লিয়া অঞ্চল পৰিভ্ৰমণ কৰে।
- Log in to post comments
- 33 views