হাজোত মহাভাৰতৰ কাহিনীৰ আধাৰত আকৰ্ষণীয় মেজি নিৰ্মাণ

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

কামৰূপ জিলাৰ হাজোত ৫০ ফুট দৈৰ্ঘ্যৰ শৰবিদ্ধ ভীষ্মৰ প্ৰতিকৃতিয়ে আকৰ্ষণ কৰিছে জনসাধাৰণক।হাজোৰ জাপিয়াৰ ওচৰৰ এখন গাঁৱত মাঘ বিহুৰ মেজিৰ আৰ্হিৰ এই বৃহৎ আকাৰৰ ভীষ্মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত হাজোৰ বিভিন্ন প্ৰান্তত মাঘ বিহুৰ ব্যাপক প্ৰস্তুতি চলিছে দিনে-নিশাই।ৰাইজক আকৰ্ষিত কৰিবলৈ ঠায়ে ঠায়ে পৌৰাণিক কাহিনীৰ আধাৰত ভেলা ঘৰ সাজি অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে ৰাইজ।

Pic

জাপিয়াৰ ৰাইজৰ লগতে পিছ পৰি ৰোৱা নাই তীৰ্থ নগৰী হাজোবাসীও। গাঁৱৰ পুৰুষ-মহিলা,জীয়াৰী-বোৱাৰী, সকলো আহি মেজিস্থলীত আনন্দ-স্ফূৰ্তি কৰি মেজি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে।মেজিঘৰ সাজিবলৈ হাজোৰ বাহিৰৰ পৰা ধানখেৰ,নৰা কিনি আনি ভেলাঘৰ সাজিছে।

Pic

এইবাৰ মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণথলী সাজি মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে।জাপিয়া হিদালবড়ীৰ ৰাইজে কুৰুক্ষেত্ৰ ৰণথলীৰ ভীষ্মৰ শৰশয্যা,অৰ্জুন-ভীষ্মৰ যুদ্ধৰ ৰথ, শ্ৰীকৃষ্ণ,অৰ্জুন,যুধিষ্ঠিৰ,দুৰ্যোধন,দু:শাসন আদিৰ মূৰ্তি নিৰ্মাণ অব্যাহত ৰাখিছে।

Your Comments