নৰেন শৰ্মা,বাহাৰঘাট:
নলবাৰী জিলাৰ চেংনৈ জাবুনত থকা 'পাগলাপেইৰা খেতি' নামৰ কৃষি ফাৰ্মখনৰ সবিশেষ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে শুকুৰবাৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ফাৰ্মখন পৰিদৰ্শন কৰে। খেতিয়ক অসীম দত্তৰ এই ফাৰ্মখনৰ পৰিকল্পনাৰ ব্যৱস্থা , জলসিঞ্চন ব্যৱস্থা, বীজ ৰোপন, বজাৰীকৰণ আদি ব্যৱস্থাৰ বুজ লয় উপায়ুক্তগৰাকীয়ে। মন কৰিবলগীয়া যে এই ফাৰ্মখনত ৫০ হাজাৰ ডাল কেপচিকাম, ২০০ ডাল আপেল বগৰী, তিনিশৰো অধিক ভোট জলকীয়া, চজিনা, অমিতাৰ উপৰি বিভিন্ন ফুল আছে। বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিসমূহ পৰিদৰ্শন কৰাত জিলা উপায়ুক্তৰ স্থানীয় ৰাইজে শলাগ লৈছে।পৰিদৰ্শন কাৰ্যত কবি- সাংবাদিক মনোজ শৰ্মা, যুৱ-ছাত্ৰ পৰিষদৰ নেতা প্ৰণৱজ্যোতি ডেকা, সমাজকর্মী বনজিৎ মালাকৰেও সহযোগ কৰে।
- Log in to post comments
- 28 views