বটদ্ৰৱাৰ পৰা নিপন নাথ:
'কা' বিৰোধী আন্দোলনে সমগ্ৰ অসমতে তীব্র্ৰ হৈ পৰাৰ সময়তে গুৰুজনাৰ জন্মস্থানৰ চৰকাৰী ভূমিত একাংশ দুস্কৃতিকাৰী ভূ-মাফিয়াই হাতোৰা পেলোৱাৰ এটা পষেক পাৰ নৌ হওঁতেই এইবাৰ পুনৰ বৃদ্ধি পাবলৈ ধৰিছে গৰু চুৰৰ ঘটনা। উল্লেখযোগ্য যে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বটদ্ৰৱা সৰুহিছা আৰু বৰহিছা গাঁৱৰ লগতে সমগ্ৰ উত্তৰ-পশ্চিম অঞ্চলত বিগত দুটা বছৰত হাজাৰৰ অধিক গৰু চুৰৰ ঘটনাই অভিলেখ ভংগ কৰে। বিশেষকৈ বটদ্ৰৱা আৰক্ষী থানাৰ অসমীয়া হিন্দু বসতি প্ৰধান ভোমোৰাগুৰি অঞ্চল, ভেটিয়নী অঞ্চল ,ওপৰ ডুমডুমীয়া, বালিসত্ৰ , সৰুহিছা আৰু বৰহিছা গাওঁৰ লগতে জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত জাজৰি,কাকমাৰী,ভালুকমাৰী, হাতীচোং,কুঁজিদাহ, জামুগুৰি , চকলাঘাট,ৰাইদঙীয়া,ক'ৰচোং, আইভেটি, নসত্ৰ , ভোগবাৰী আৰু মাজগাঁঁও আদি কৰি বৃহত্তৰ অঞ্চলটোত বিগত সময়ছোৱাত বৃদ্ধি পাই আহিছে গৰু চুৰৰ ঘটনা। নগাওঁ জিলাৰ পশ্চিম অঞ্চলৰ ভিতৰুৱা গাওঁৰ মাজেৰে চৰ- চাপৰি পাৰ হৈ ব্ৰহ্মপুত্ৰৰ মাজেৰে বহিঃৰাাষ্ট্ৰলৈ সক্ৰিয় হৈ আছে এটা চোৰাং গৰু সৰবৰাহৰ আন্তজাৰ্তিক চক্ৰ। স্থানীয় একাংশ দুস্কৃতিকাৰীৰ লগত গোপন সম্পৰ্ক বজাই ৰাখি চোৰাং গৰু বেপাৰীয়ে এইদৰে অঞ্চলটোৰ পৰা নিশাৰ ভাগত গৰু সৰবৰাহ কৰে বুলি জানিব পৰা গৈছে। এইবাৰ অধিকাংশ ৰাইজ 'কা' বিৰোধী আন্দোলনত জড়িত থকাৰ পূৰ্ণ সুযোগ লৈ আৰম্ভ হৈছে পুনৰ গৰু চোৰৰ ঘটনা । যোৱা সপ্তাহত সৰুহিছা গাৱঁৰ ৰজত কলিতাৰ গোহালিৰ পৰা ৪০ হাজাৰ টকা মূল্যৰ গৰু চোৰ হোৱাৰ পিছত বৃৃৃৃৃহস্পতিবাৰৰ নিশা বৰহিছা গাওঁৰ গিৰিধৰ বৰাৰ ঘৰৰ গোহালিৰ পৰা ডিঙিৰ শিকলি কাটি গাভিনী গাই গৰু এজনী (৫০ হাজাৰ টকা মূল্যৰ) চোৰে লৈ উধাও হয়। প্ৰকাশ থাকে যে অঞ্চলটোত গাওঁৰক্ষী বাহিনীৰ নিস্ক্ৰিয়তাৰসুবিধা লৈ,শীতৰ ঠেৰেঙা লগা পৰিৱেশত গৰু চুুৰৰ ঘটনা বৃদ্ধি হ'বলৈ ধৰিছে। আনহাতে ব্যাপক ৰূপত বৃদ্ধি পোৱা গৰু চচুৰ ঘটনাই সচেতন মহলক উদ্বিগ্ন কৰি তোলাৰ সমান্তৰালকৈ আগন্তুক ৰঙালী বিহুৰ সময়ত অসমীয়া মানুহে বাস্তৱতে গৰু নোৱাবলৈ নাপাব-এক আশংকাই গা কৰি উঠিছে। বসন্তৰ নৱ পল্লৱে ভূমুকি মৰাৰ সময়ছোৱাত নগাওঁ জিলাৰ উত্তৰ-পশ্চিম অঞ্চলৰ অসমীয়া মানুহখিনিয়ে মাহ-হালধিৰে গৰু নোৱাব নোৱাৰি ভৱিষ্যত প্ৰজন্মৰ সন্মুখত প্ৰতীকি ৰূপত চিত্ৰ অংকন কৰি গৰু নোৱাই থকাৰ দৃশ্য দেখুৱাব লগীয়া পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে বুলিও একাংশ সচেতন লোকে মত প্ৰকাশ কৰিছে ।
- Log in to post comments
- 23 views