বঙাইগাঁৱত আছুৰ 'ৰণশিঙা' কাৰ্যসূচী 

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বৃহস্পতিবাৰে বঙাইগাঁৱতো 'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিলৰ দাবীত 'ৰণশিঙা' কাৰ্যসূচী ৰূপায়িত হয় ৷ সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা তথা বঙাইগাঁওবাসী ৰাইজৰ সহযোগত স্থানীয় বৰপাৰা ৰাজহুৱা খেলপথাৰত ৰূপায়িত ৰণশিঙা কাৰ্যসূচীত দবা,কাঁহ,শংখ, নাগাৰা,ঢোল, তাল আদি বিভিন্ন বাদ্য বজাই জাতি ধ্বংসী আইনখনৰ বিৰোধিতা কৰি বাতিলৰ দাবী জনাই 'আছু'য়ে চৰকাৰৰ বিৰুদ্ধে ৰণ হুংকাৰ দিয়ে ৷ লগতে 'কা' আমি নামানো, কা বাতিল কৰক , বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায় , ফণীভূষণ চৌধুৰী হায় হায়, সৰ্বানন্দ সোনোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায় আদি বিভিন্ন শ্নোগান দি পিৰিৱেশ মুখৰিত কৰি তোলে ৷ জিলা আছুৰ সভাপতি যিনোদ কুমাৰ নাথে আঁত ধৰা এই কাৰ্যসূচীত কেইবাটাও নামৰ দলে নাগাৰা নাম আৰু দবা নামো পৰিৱেশন কৰে ৷ আনহাতে কাৰ্যসূচীত অংশগ্ৰহণ কৰি অধিবক্তা হৰেশ্বৰ দাসে কয় যে যেতিয়া আমাৰ জাতি-ভাষা- কৃষ্টি আদি বিভিন্ন বহিঃশত্ৰুৰ দ্বাৰা বিপন্ন হয় ,তেতিয়া সমগ্ৰ জাতিক একত্ৰিত কৰাৰ কাৰণে পূৰ্বৰে পৰা এটা প্ৰচলিত পৰম্পৰা আছে আৰু সেই অনুসৰি বৰ্তমান জাতিৰ যি সংকট আহিছে সেই সংকটৰ পৰিপ্ৰেক্ষিতত এই ৰণশিঙা কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ গতিকে জাতিৰ সংকট কালত সকলোৱে আগবাঢ়ি আহিব লাগিব আৰু যেতিয়ালৈকে 'কা' বাতিল নহয়, তেতিয়ালৈকে আন্দোলন চলাই ৰাখিব লাগিব বুলি কয় ৷ তেওঁ জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি বিজেপি চৰকাৰৰ হঠকাৰি ভূমিকাক তীব্ৰ সমালোচনা কৰে ৷ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্থানীয় বিধায়ক তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীকো সমালোচনা কৰে ৷ কাৰ্যসূচীত সমাজকৰ্মী তথা অসম আন্দোলনৰ নেতা প্ৰভাত বৈষ্ণৱ, বিশিষ্ট চিকিৎসক এচ কে দাস আদিয়ে আইনখনৰ বিৰোধিতা কৰি বক্তব্য ৰাখে ৷ আনহাতে,বঙাইগাঁও শতদল শাখা সাহিত্য সভাৰ গায়ত্ৰী দেৱীয়ে নিজৰ কবিতাৰে আইনখনৰ বিৰোধিতা কৰে ৷ কাৰ্যসূচীত জিলা আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জ্যোতি শংকৰ চৌধুৰী, উপ-সভাপতি আব্দুল লতিফ, কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক অঞ্জন কলিতা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পুলেন ৰাজবংশী, বঙাইগাঁও আঞ্চলিক আছুৰ সভাপতি কুলজিৎ ৰায়, সাধাৰণ সম্পাদক জগদীশ ৰায়, বঙাইগাঁও জিলা শিল্পী সমাজৰ সভাপতি দীপক দাস আদিকে ধৰি আছু কৰ্মী,  বিভিন্ন অনুষ্ঠানৰ প্ৰতিনিধি আৰু স্থানীয় ব্যক্তি উপস্থিত থাকে ৷ 

 

Your Comments