নলবাৰীৰ পৰা হেমন্ত কলিতা:
নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত 'কা' বিৰোধী প্ৰতিবাদ কৰি ৰণশিঙা কাৰ্যসূচীত বিশাল সমাগম। ঢোল-খোল-ভোৰ তাল-নাগাৰা,শংখ আদি লোক বাদ্য বজাই প্ৰতিবাদ সাব্যস্ত 'আছু'ৰ উপৰি বিভিন্ন দল-সংগঠন। ঢোল,ভোৰ তাল,নাগাৰাৰ শব্দত নিনাদিত হ’ল নলবাৰীৰ আকাশ বতাহ। জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইন বাতিল কৰাৰ দাবীত আজি লোকবাদ্য বজাই শুই থকা অসম চৰকাৰক জগাবলৈ প্ৰয়াস প্ৰতিবাদকাৰীৰ। বিতৰ্কিত 'কা' বাতিলৰ দাবীত নলবাৰীত ধাৰাবাহিক ভাৱে হৈছে আন্দোলন। এই প্ৰতিবাদস্থলিত শিল্পী সাহিত্যিক মহিলা নেত্ৰী, ছাত্ৰ-ছাত্ৰী সকলোৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ বিভিন্ন প্রান্তত প্রবল প্রতিবাদ আৰু আন্দোলন হৈ থকাৰ সময়তে আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনৰ উপৰি বিভিন্ন আঞ্চলিক সমিতি লগতে শিল্পী সমাজৰ সহযোগত জনতাৰ ৰণশিঙা শীর্ষক এক কা-বিৰোধী সভা অনুষ্ঠিত হয়৷ এই কাৰ্যসূচীত অংশ লৈ আছুৰ জিলাৰ সম্পাদক অক্ষয় ডেকাই ভাষণত কয় যে অসমীয়াই নিজৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিবৰ বাবে বর্তমানে যি গণতান্ত্রিক আন্দোলন কৰি আহিছে, জনতাৰ সেই প্রতিবাদৰ ভাষাক দিল্লীয়ে তিলমানো গুৰুত্ব দিয়া নাই৷ পূর্বৰ পৰা আজি পর্যন্ত অসমৰ জনগণৰ গণতান্ত্রিক কণ্ঠৰ মূল্য দিল্লীয়ে কোনোদিনেই দিয়া নাই৷ ভাৰত ৰাষ্ট্রৰ কর্মকাণ্ড, চিন্তাধাৰাত প্রমাণ হৈছে যে অসম আৰু উত্তৰ-পূর্বাঞ্চল কেতিয়াও ভাৰতবর্ষৰ অংগ নাছিল৷ তেওঁ লগতে কয় যে আজি অতদিনে দিল্লীয়ে অসমক কেৱল সম্পদ লুণ্ঠনৰ উপনিৱেশ হিচাপে গণ্য কৰি আহিছে৷ স্বাধীনতাৰ আগৰে পৰা স্বাধীনতাৰ পাছৰ আজি পর্যন্ত আমাৰ প্রাপ্য অধিকাৰৰ বাবে আমি আন্দোলন কৰিব লগা হৈছে৷ এছিয়াৰ ভিতৰতে প্রথম খাৰুৱা তেলৰ খনন, উৎপাদন আৰু শোধন অসমত হোৱাৰ পাছতো অসমৰ জনগণে এটা পূর্ণাংগ তেল শোধনাগাৰ পাবলৈ শোধনাগাৰ আন্দোলন কৰিব লগা হ’ল বুলি চৰকাৰক কটাক্ষ কৰে৷ তাৰ পিছত আছুৰ কেন্দ্ৰীয় নেতা হিমান বৰ্মনে কয় যে অসমৰ জনতাক, অসমৰ ছাত্র সমাজক, খেতিয়কক কেৱল ভোটৰ স্বার্থত ব্যৱহাৰ কৰি আহিছে বুলি চৰকাৰক তীব্র সমালোচনা কৰি তেওঁ কয় যে এতিয়া সর্বা-হিমন্তই বহি থাকিলেও আৰু অসমৰ জনগণে দিল্লীৰ ওচৰত সর্বকালে ভিক্ষাৰ জোলোঙা লৈ আৰু কেতিয়াও বহি নাথাকোঁ৷ আমি আমাৰ আত্মনিয়ন্ত্রণৰ অধিকাৰ পাব লাগিব৷ বিজেপি-নেতৃত্বাধীন চৰকাৰে যি চক্রান্তমূলকভাৱে অসমৰ ৰাইজৰ ওপৰত জাতিধবংসী আইন জাপি দিছে ইয়াক কোনো কাৰণতে কেতিয়াও মানি লোৱা নহ’ব বুলি চৰকাৰক সকীয়াই দিয়ে৷ আজিৰ ৰণশিঙা কাৰ্যসূচীত জিলা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জিলা সাহিত্য সভা, জিলা উন্নতি সভা, লেখিকা সমাজ, জ্যেষ্ঠ নাগৰিক মঞ্চ, খিলঞ্জীয়া মুছলমান উন্নয়ন পৰিষদ, অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সন্থা, জিলা মহিলা পৰিষদ, ব্যৱসায়ী সন্থা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, জিলা সমাজসেৱা সংঘ, সাহিত্য সন্মিলনী, জিলা সাহিত্য সমাজ, নলবাৰী আৰ্ট স্কুলসহ পঞ্চাশটাৰো অধিক সংগঠন, কবি, সাহিত্যিক, শিল্পী, বিশিষ্ট নাগৰিকে কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
- Log in to post comments
- 9 views