নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁৱত সক্ৰিয় হৈ উঠিছে ড্ৰাগছ মাফিয়া চক্ৰ।ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে কঠোৰ ভূমিকা গ্ৰহণ কৰি ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে যদিও জিলাখনত অবৈধ ড্ৰাগছৰ ব্যৱসায় সম্পূৰ্ণৰূপে উৎখাত কৰাত সফল হ'ব পৰা নাই।নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে মঙলবাৰে বিয়লি প্ৰায় ৪ বজাত নগাঁও আৰক্ষীয়ে জিলাখনৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত নগাঁও বাইপাছৰ মাহৰিআটিৰ পৰা বৃহৎ পৰিমাণৰ হেৰ'ইনসহ দুটা লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা হ'ল আব্দুল হানিফ আৰু আটাউৰ ৰহমান।নগাঁও আৰক্ষী সূত্ৰই জনোৱা মতে, এই ড্ৰাগছ ব্যৱসায়ী দুটাই এএছ-২১জি-৮২৬৬ নম্বৰৰ ৱাগেনাৰ গাড়ীৰে বুজন পৰিমাণৰ ড্ৰাগছ(হেৰ'ইন)ডিমাপুৰৰ পৰা মৰিগাঁৱলৈ বুলি সৰবৰাহ কৰি লৈ গৈ আছিল।দুয়ো গাড়ীখনৰে আহি নগাঁও বাইপাছৰ মাহৰিআটিৰ ওচৰ পাঁওতেই পূৰ্বৰে পৰা সেই স্থানত খাপ পিতি ৰৈ থকা নগাঁও আৰক্ষীৰ দলে ড্ৰাগছ ব্যৱসায়ী দুটাক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে ৱাগনাৰ গাড়ীখনৰ পৰা ড্ৰাগছ মাফিয়া আব্দুল হানিফ আৰু আটাউৰ ৰহমানক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৬টা কনটেইনাৰৰ ভিতৰত পলিথিনৰ পেকেটত ভৰাই অনা বুজন পৰিমানৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।প্ৰতিটো পেকেটৰ ভিতৰত ২০০ গ্ৰামকৈ ওজনৰ ড্ৰাগছ আছিল। জব্দ কৰা ড্ৰাগছখিনি নিষিদ্ধ হেৰ'ইন বুলি আৰক্ষী নিশ্চিত হৈছে।জব্দ কৰা হেৰ'ইনখিনিৰ আনুষ্ঠানিক মূল্য ২৫ লক্ষাধিক লাখ টকা হ'ব বুলি আৰক্ষী সূত্ৰই জনাইছে।ড্ৰাগছখিনি বাহনখনৰ ডিকিৰ ভিতৰৰ এটা গোপন বাকচৰ ভিতৰত ভৰাই আনিছিল। আৰক্ষীয়ে বাগনাৰ গাড়ীখনো জব্দ কৰিছে। ধৃত ড্ৰাগছ ব্যৱসায়ী দুটাক আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে।আৰক্ষীৰ জেৰাত ধৃত ড্ৰাগছ ব্যৱসায়ী আব্দুল হানিফৰ ঘৰ ত্ৰিপুৰাত আৰু আটাউৰ ৰহমানৰ ঘৰ মৰিগাঁৱত বুলি প্ৰকাশ কৰিছে।আটাউৰ ৰহমানে জিলাখনত সুদীৰ্ঘ দিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই অহা বুলিও আৰক্ষীয়ে তথ্য লাভ কৰিছে।
ৱাহিদুদ জামান( নগাঁও)
- Log in to post comments
- 20 views