শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
অসমৰ ক্রীড়াজগতৰ ক্ষেত্ৰত এক বৰ্ণিল ইতিহাস থকা আৰু ক্ৰীড়া সংগঠনৰ ক্ষেত্ৰত অতিকৈ উৰ্বৰা আৰু অপৰিসীম সম্ভাৱনাৰে পৰিপূৰ্ণ শিৱসাগৰ জিলাখনক ক্ৰীড়াৰ ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক প্ৰেক্ষাপটত এক উৎকৃষ্ট মৰ্যাদা প্ৰদান কৰাৰ উদ্দেশ্য আগত ৰাখি শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই গ্ৰহণ কৰা 'ছৌলফুল শিৱসাগৰ' অভিযানৰ অধীনত পৰিকল্পনা কৰিছিল "খেল' শিৱসাগৰ খেল'" শীৰ্ষক এটা অভিলাষী ক্ৰীড়া পদক্ষেপৰ। খ্যাতনামা এথলিট অৰ্জুন বঁটা প্ৰাপক তথা খেল' শিৱসাগৰ খেল'ৰ ব্ৰেণ্ড এম্বেচেডৰ ভোগেশ্বৰ বৰুৱাৰ উপস্থিতিত এই পদক্ষেপৰ মঙলবাৰে বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জিলা উপায়ুক্তই। জিলা উপায়ুক্তই পতাকা উত্তোলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰথম অসম পুলিচ বেটেলিয়নৰ বেণ্ড প্লাটুনৰ দ্বাৰা প্ৰদৰ্শিত 'মাৰ্চ পাষ্ট'ৰ অভিবাদন গ্ৰহণ কৰে৷ শিৱসাগৰ জিলাক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্কুল গেমচত বঁটা আঁজুৰিবলৈ সক্ষম হোৱা শিৱসাগৰ জিলাৰ দুই এথলিট ক্ৰমে মাষ্টাৰ আদিত্য থাপা আৰু মাষ্টাৰ বাছিদ আহমেদে খেল’ শিৱসাগৰ খেল’ৰ ক্ৰীড়াশিখা বহন কৰে৷ জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ে উদ্বোধনী অনুষ্ঠান মুকলি কৰি বক্তৃতাত কয় যে দুমাহৰ প্ৰচেষ্টাৰ অন্তত শিৱসাগৰ জিলাৰ উপায়ুক্তৰ নেতৃত্বত এই ক্ৰীড়াৰ আয়োজনে উঠি অহা খেলুৱৈসকলক এখন মঞ্চ প্ৰদান কৰিব ৷ ক্রীড়াৰ ক্ষেত্ৰত জিলাখনক স্বকীয় পৰিচয়েৰে মহীয়ান কৰি তোলাৰ প্ৰয়াস স্বৰূপে গ্ৰহণ কৰা "খেল' শিৱসাগৰ খেল'" অভিযানৰ শুভাৰম্ভ কৰি দিয়া বক্তব্যত উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে যে বিদ্যালয়, শিক্ষা খণ্ড আৰু জিলা ভিত্তিত অনুষ্ঠিত হ'বলগীয়া তিনি তৰপীয়া এই প্ৰতিযোগিতা আয়োজনৰ মূল উদ্দেশ্য হ'ল জিলাখনৰ পৰা সুসংগঠিত প্ৰক্ৰিয়াৰে উৎকৃষ্ট খেলুৱৈৰ বাচনি কৰি ৰাষ্ট্ৰীয় ক্রীড়া প্ৰতিযোগিতাসমূহত যোগদান নিশ্চিত কৰা। এই প্ৰক্ৰিয়াৰে আয়োজিত প্ৰতিযোগিতাৰ যথেষ্ট সংখ্যক শিতানত জিলাখনৰ খেলুৱৈসকলে যোগদান আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰিব বুলি তেওঁ মত প্ৰকাশ কৰে। এই প্ৰতিযোগিতা আয়োজনৰ মাধ্যমেৰে কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত লুকাই থকা ক্রীড়া প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে এটা উৎকৃষ্ট মঞ্চ প্ৰদান কৰাটো সম্ভৱ হৈ উঠিব। উল্লেখযোগ্য যে মুঠ ২৭ টা ক্রীড়া শিতানত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ অহা ১৫ জানুৱাৰীৰ ভিতৰত বিদ্যালয় পৰ্য্যায়ৰ খেলুৱৈসকলৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ তালিকা চূড়ান্ত কৰা হ'ব। পৰৱৰ্তী পৰ্যায়ত শিক্ষা খণ্ড আৰু শেষত জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হ'ব। ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ পৰা আমন্ত্ৰিত বিষয়-ববীয়াসকল জিলাখনত উপস্থিত হৈ জিলা পৰ্য্যায়ৰ প্ৰতিযোগিতাসমূহৰ পৰা খেলুৱৈ তথা দল নিৰ্বাচন কৰিব।
অনুষ্ঠানটোৰ মাজতে উপায়ুক্তই শিৱসাগৰ জিলাক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সন্মান বুটলিবলৈ সক্ষম হোৱা ভালেসংখ্যক নবীন-প্ৰৱীণ খেলুৱৈ তথা ক্ৰীড়া সংগঠকক সম্বৰ্ধনা জনায়৷ শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আব্দুল জেলিলে নিজৰ বক্তৃতাত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰে বহু দশক ধৰি ভালেসংখ্যক ক্ৰীড়া প্ৰতিভাক জন্ম দি বিশ্বৰ আগত জিলাখনক গৌৰৱেৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি জনাই আৰু এই আয়োজনে ভৱিষ্যতেও খেলুৱেসকলক এখন মঞ্চ দি যাবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে৷ প্ৰতিযোগিতাসমূহ নিম্নোক্ত তিনিটা বৰ্গত অনুষ্ঠিত হ'ব: ১৪ বছৰ বয়সৰ অনুৰ্দ্ধৰ লৰা আৰু ছোৱালী; ১৭ বছৰ বয়সৰ অনুৰ্দ্ধৰ লৰা আৰু ছোৱালী; আৰু ১৯ বছৰ বয়সৰ অনুৰ্দ্ধৰ লৰা আৰু ছোৱালী। নিজ বক্তব্যত অৰ্জুন ভোগেশ্বৰ বৰুৱাই জিলা প্ৰশাসনৰ উদ্যোগৰ শলাগ লৈ কয় যে অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে জিলাখনত আৰম্ভ হোৱা খেল' শিৱসাগৰ খেল' প্ৰতিযোগিতাই নিশ্চিতভাৱে খেলুৱৈসকলৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে। ইয়াৰ দ্বাৰা তৃণমূল পৰ্যায়ৰ পৰা উদীয়মান ক্রীড়া প্রতিভাসমূহেও বিকশিত হোৱাৰ সুযোগ লাভ কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে। উপায়ুক্ত ডাঃ লক্ষ্মীপ্ৰিয়া আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱাই আনুষ্ঠানিকভাৱে খেল' শিৱসাগৰ খেল'ৰ প্ৰতীক চিহ্ন (logo), শুভংকৰ (mascot) 'কুকু' আৰু মূল সংগীত (theme song) উন্মোচন কৰে। উদ্বোধনী অনুষ্ঠানত জিলা শিশু আৰু কিশোৰ-কিশোৰী কোষৰ অধীনত 'নৱ উদিত' নামৰ স্বেচ্ছাসেৱী সংগঠনৰ শিল্পীসকলে দিহানাম পৰিৱেশন কৰে। এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তসকল, প্ৰশাসনিক বিষয়াসকল, বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকল তথা ছৌলফুল শিৱসাগৰৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
- Log in to post comments
- 22 views