নৰেন শৰ্মা,বাহাৰঘাট:
যিসময়ত ৰাজ্যখনত বেচৰকাৰী শিক্ষানুষ্ঠানৰ আগ্ৰাসনত চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ে ফেৰ মাৰিবলৈ সক্ষম হোৱাটো দূৰৰৈ কথা,একাংশ চৰকাৰী বিদ্যালয় ছাত্ৰ -ছাত্ৰীৰ অভাৱ বন্ধ কৰিবলৈ বাধ্য হৈছে। ঠিক তেনে সময়তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ -ছাত্ৰীক উঠাই আনি অভিভাৱক সমাজে সন্তানক চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ বাবে উঠি পৰি লগা দেখা গৈছে নলবাৰী ঘগ্ৰাপাৰত এখন প্ৰাথমিক বিদ্যালয়ত। ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ চৌহদত থকা ঘগ্ৰাপাৰ নিম্ব বুনিয়াদী বিদ্যালয়খনত সন্তানক নামভৰ্তি কৰিবৰ বাবে তথা ব্যক্তিগত খণ্ডৰ নাম থকা শিক্ষানুষ্ঠানৰ পৰা নিজ সন্তানক বৰ্তমানলৈ প্ৰায় কুৰিগৰাকীক উঠাই আনি এই শিক্ষানুষ্ঠানখনত নামভৰ্ত্তি কৰা কাৰ্যই চৰকাৰী মাধ্যমৰ বিদ্যালয়ক কিছু হ'লেও সকাহ দিছে বুলি চৰ্চিত হৈছে।এই ক্ষেত্ৰত বিদ্যালয়খনৰ প্ৰধান শিক্ষক স্বপন চক্ৰৱৰ্তীয়ে কয় যে ২০১৯ বৰ্ষত এই-চৰকাৰী শিক্ষানুষ্ঠানৰ ১৭৬ গৰাকী ছাত্ৰ -ছাত্ৰী আছে। এইবেলি ইতিমধ্যে কুৰিগৰাকীৰো অধিক ছাত্ৰ -ছাত্ৰী নামভৰ্তি কৰিছে আৰু আগন্তুক বৰ্ষত ২০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে পাঠদান কৰিব। প্ৰধান শিক্ষক চক্ৰৱৰ্তীয়ে ইয়াকো কয় যে সম্প্ৰতি বিদ্যালয়খনত পাঠদান কাৰ্যত শিক্ষকৰ বাবে অসুবিধাৰ সম্মুখীন হ'ব লগীয়া হোৱা নাই।কিন্তু,বিদ্যালয়খনৰ চাৰিবেৰ তথা শিক্ষানুষ্ঠানখনৰ সন্মুখত থকা প্ৰকাণ্ড খালটোৱে সমস্যাত পেলাইছে।আনহাতে, মধ্যাহ্ন ভোজনৰ গৃহ জৰাজীৰ্ণ হোৱাত নিতৌ ৰন্ধন কাৰ্যত অসুবিধাৰ সন্মুখীন হৈছে বিদ্যালয় কৰ্তৃপক্ষ। উল্লেখ্য যে যি সময়ত বড়িগোগ বনভাগ শিক্ষা খন্ডৰ অন্তৰ্গত বিগত দিনত ভালেসংখ্যক প্ৰাথমিক বিদ্যালয় ছাত্ৰ -ছাত্ৰীৰ অভাৱত বিদ্যালয় বন্ধ হৈ পৰাৰ সময়ত ঘগ্ৰাপাৰ নিম্ব বুনিয়াদী বিদ্যালয় যেন এক নতুন আশাৰ বতৰা। শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষক চক্ৰৱৰ্তীসহ প্ৰতিগৰাকী শিক্ষক -শিক্ষয়িত্ৰীৰ গুণগত শিক্ষা বিস্তাৰৰ জৰিয়তে বিদ্যালয়খনে বৃহত্তৰ অঞ্চলটোত ব্যতিক্ৰমীৰূপে প্ৰতিষ্ঠা কৰিব পাৰিছে।উল্লেখযোগ্য যে বিদ্যালয়খনতে প্ৰধান শিক্ষক চক্ৰৱৰ্তী তথা বিদ্যালয় পৰিচালনা সমিতিয়ে সম্পূৰ্ণ জৈৱিক ক্ষুদ্ৰ কৃষিপাম স্থাপন কৰি ইয়াৰ উৎপাদিত শাক -পাচলি প্ৰতিদিনে মধ্যাহ্ন ভোজনত কণ কণ ছাত্ৰ -ছাত্ৰীক খুৱাই অহাই নহয় আগন্তুক ২০২০ বৰ্ষতো এই ধাৰা ৰাখিব বুলি জানিবলৈ দিয়ে।লগতে বিদ্যালয়খনৰ চৌহদত এখন বাগিচায়ো সৌন্দৰ্য্য আনিছে। উল্লেখ্য যে এই বিদ্যালয়খনে স্বচ্ছাতাৰ বাবে ইতিমধ্যে ৰাজ্যিক শিক্ষক বঁটা পাবলৈ সক্ষম হৈছে।
- Log in to post comments
- 131 views