বঙাইগাঁৱৰ প্ৰতিবেদক:
বঙাইগাঁও জিলা উন্নয়ন সমিতিৰ জানুৱাৰী মাহৰ সভাখন সোমবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত ডাঃ সদনেক সিঙৰ সভাপতিত্বত অনুষ্ঠিত হয় । এই সভাৰ আঁত ধৰে বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীয়ে । জিলা উন্নয়ন সমিতিৰ সভাত বিভিন্ন উন্নয়নমূলক বিভাগৰ অধীনত চলি থকা আঁচনিসমূহৰ প্ৰগতি আৰু অন্যান্য কাম-কাজৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হয় । সভাৰ আৰম্ভণিতে বঙাইগাঁও জিলা কৃষি বিভাগৰ জৰিয়তে ৰূপায়ণ কৰি থকা আচঁনিসমূহৰ বিষয়ে উপায়ুক্তগৰাকী অৱগত হয় । একেদৰে গড়কাপ্তানী ৰাজ্যিক ঘাইপথ , গড়কাপ্তানী (গৃহ), শিক্ষা , জনস্বাস্থ্য কাৰিকৰী,মীন, পশু চিকিৎসাকে ধৰি বিভিন্ন বিভাগত চলি থকা আৰু ইতিমধ্যে সম্পন্ন হোৱা আঁচনিসমূহৰ বিষয়ে উপায়ুক্ত ডাঃ সিঙে অৱগত হৈ সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকলক অসম্পূৰ্ণ হৈ থকা আচঁনিৰ কামসমূহ সোনকালে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । সভাত অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস ,অনুপম ডেকা , জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন , উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি পল্লৱী সৰকাৰ , ৰাজহ চক্ৰ বিষয়াসকল , সহকাৰী আয়ুক্তসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।
- Log in to post comments
- 9 views