নামৰূপ সাৰ কাৰখানাত প্ৰচণ্ড বিস্ফোৰণ:'আছু'ৰ তীব্ৰ প্ৰতিক্ৰিয়া

Pic

নামৰূপৰ পৰা সমীৰণ বৰুৱাৰ প্ৰতিবেদন:

অসমৰ খিলঞ্জীয়াৰ স্বাভিমান স্বৰূপ থলুৱাৰ কৰ্মসংস্থাপনৰ কেন্দ্ৰস্থল সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা ক্ৰমাৎ মৃত্যুমুখলৈ গতি কৰিবলৈ ধৰিছে। অসম তথা সমগ্ৰ উওৰ- পূৰ্বাঞ্চলৰ কৃষকৰ ৰাসায়নিক সাৰৰ চাহিদা পূৰণ কৰা নামৰূপ সাৰ কাৰখানাত সঘনাই হ'ব ধৰিছে বিভিন্ন ধৰণৰ সৰু-বৰ দূৰ্ঘটনা। সোমবাৰে নিশা প্ৰায় ১২.৪৫ মান বজাত নামৰূপ সাৰ কাৰখানাৰ এমনিয়া ২ নং গোটত সংঘটিত হয় এটা প্ৰচণ্ড বিস্ফোৰণ। এই বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই যদিও উদ্যোগটোৰ বিস্তৰ ক্ষতি সাধন হয়।জানিব পৰা মতে এমনিয়া ২ নং গোটৰ চিনথেটিক গেছ কম্প্ৰেছৰৰ লগত সংযুক্ত থ্ৰিহিটাৰ ফাৰ্নেচলৈ যোৱা পৰিবাহী পাইপ লাইনডাল বিস্ফোৰিত হয়।বিস্ফোৰণৰ প্ৰাবল্য ইমানেই বেছি আছিল যে কম্প্ৰেছৰ হাউচৰ মূধচ,দোৱাৰ-খিৰকী ভাঙি যোৱাৰ লগতে সাৰ কাৰখানাৰ আৱাসিক এলেকাৰ বাসগৃহসমূহো কম্পমান হৈ পৰে।এই বিস্ফোৰণৰ ফলত হোৱা অগ্নিকাণ্ড সংঘটিত হয়।অৱশ্যে,অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত দুঘন্টাৰ পিছত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।দুৰ্ঘটনাৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই আৰু সাৰ কাৰখানা কৰ্তৃপক্ষই জনোৱা মতে এই দুৰ্ঘটনাত কম্প্ৰেছৰৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই।লক্ষণীয় যে এটা ৰাসায়নিক সাৰ উদ্যোগৰ আয়ুস কাল ১৫ বছৰ।১৯৭৬ চনত প্ৰতিষ্ঠিত এই উদ্যোগটোৱে বৰ্তমান ৪৪ বছৰত ভৰি দিলেহি আৰু সাৰ উৎপাদন কৰি আহিছে।এই আয়ুসকাল উকলি যোৱা উদ্যোগটোত পুৰণি যন্ত্ৰাংশৰে কাম চলাই থকাত উদ্যোগটোৰ কৰ্মচাৰীসকলৰ জীৱনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে।মন কৰিবলগীয়া কথা এই যে অসমৰ ইটোৰ পিছত সিটো উদ্যোগ মৃত্যুৰ গৰাহলৈ চৰকাৰখনে ঠেলি দিয়াৰ পিছত যোৱা ১৯ ছেপ্টেম্বৰত কেন্দ্ৰীয় সাৰমন্ত্ৰী ডি ভি,সদানন্দ গৌড়া নামৰূপত উপস্থিত হৈ প্ৰতিশ্ৰুতি দি গৈছিল অতি শীঘ্ৰে সাৰকাৰখানাৰ চতুৰ্থ গোটৰ কাম কাজ আৰম্ভ কৰিব বুলি।কিন্তু,সেয়া আচলতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এটা টোপহে আছিল বুলি অভিহিত কৰিছে নামৰূপবাসী ৰাইজে।সাৰ কাৰখানা কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে উদ্যোগটো পুৰণি হৈ যোৱাৰ বাবে যন্ত্ৰাংশ বজাৰত সহলভ্য নহয়।যাৰ বাবে মেৰামতি কৰিবলৈ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে আৰু সেয়েহে চতুৰ্থ গোটটো অতিশীঘ্ৰে স্থাপন কৰাটো জৰুৰী হৈ পৰিছে।আনহাতে,নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই এই বিষয়ত এখন সংবাদমেল সম্বোধন কৰি কয় যে মোডী চৰকাৰে কেৱল আম্বানী-আদানী আৰু বহুজাতিক কোম্পানীৰ  ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবেই সাৰ কাৰখানাৰ চতুৰ্থ গোটটো চৰকাৰী মেৰপেছত সুমোৱাই ৰাখিছে। জাগীৰোড কাগজ কলৰ দৰে হঠাৎ বন্ধ কৰি দিলে ৰাইজৰ ৰোষত পৰাৰ ভয়ত নামৰূপ সাৰ কাৰখানটো স্বাভাৱিক মৃত্যুৰ বাবে ঠেলি দিছে বুলি সংগঠনটোয়ে মত পোষন কৰে। তদুপৰি নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন হোৱালৈকে পুৰণি উদ্যোগটোৰ মেৰামতিৰ বাবে ১০০ কোটি টকা ঘোষণা কৰাৰ কথাও বুমেৰাং হ'ল বুলি কয়। নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই উক্ত দুৰ্ঘটনাৰ এটা উচ্চস্তৰীয় তদন্তৰ বাবে দাবী জনোৱাৰ লগতে চতুৰ্থ গোট স্থাপনৰ কথাটোক লৈ ৰাজনীতি কৰিবলৈ অহা কোনো মন্ত্ৰী-বিধায়ক তথা ৰাজনৈতিক ব্যক্তি সাৰ কাৰখানাত প্ৰৱেশ কৰিলে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বুলি হুংকাৰ দিয়ে।

Your Comments