শিৱসাগৰ জিলা উপায়ুক্তৰ শাৰীৰিকভাৱে বাধাগ্ৰস্ত কণমানিক সহায়ৰ হাত

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ জিলাৰ উপায়ুক্ত ডা:এম এছ লক্ষ্মীপ্ৰিয়াই পিতৃৰ সৈতে তেওঁক সাক্ষাৎ কৰিবলৈ অহা জিলাখনৰে ১০ বছৰীয়া আংশিকভাৱে দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি হেৰুৱা এগৰাকী কণমানিক আগবঢ়ালে সহায়ৰ হাত। শিৱসাগৰ জিলাৰ উপায়ুক্তগৰাকীক যোৱা ২ জানুৱাৰী তাৰিখে জিলাখনৰ কালুগাওঁ এলেকাৰ আমতলীয়া গাঁৱৰ নিবাসী আব্দুল ৰহমানৰ কন্যা আখতাৰা ৰহমানে উপায়ুক্তৰ কাৰ্যালয়কক্ষত সাক্ষাৎ কৰে৷৩ নং বালিকা বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আখতাৰা ৰহমানৰ দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তিৰ বিসংগতিৰ কথা ছাত্ৰীগৰাকীৰ পিতৃয়ে জানিবলৈ দিয়ে৷ সাক্ষাৎকালত ছাত্ৰীগৰাকীৰ কি বিষয়ত ৰাপ আছে,সেয়া উপায়ুক্তই জানিবলৈ খোজাত পিতৃ আব্দুল ৰহমানে চিত্ৰাংকণত আগ্ৰহী বুলি জানিবলৈ দিয়ে৷জিলা উপায়ুক্তই ছাত্ৰীগৰাকীক ৰংঘৰ আৰু শিৱদৌলৰ ছবি অংকণ কৰিবলৈ দিয়ে আৰু ছাত্ৰীগৰাকীৰ অংকণ দেখি অভিভূত হয়৷ জিলা উপায়ুক্তই শিৱসাগৰৰ বিশিষ্ট শিল্পী সুজিত বৰুৱাক ছাত্ৰীগৰাকীক চিত্ৰ-শিল্পৰ প্ৰশিক্ষণ দিয়াৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে ছাত্ৰীগৰাকীৰ অনাগত জীৱনত সকলো চৰকাৰী আঁচনিৰ সা-সুবিধা প্ৰদান কৰাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে আয়ুস্মান ভাৰত তথা অটল অমৃত অভিযানৰ জিলা সমন্বয়কক নিজ কাৰ্যালয়লৈ মাতি আনি ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে আঁচনিৰ আওতালৈ অনাৰ লগতে জিলা পুথিভঁৰালৰ বিনামূলীয়া প্ৰৱেশপত্ৰও প্ৰদান কৰে৷

Your Comments