বঙাইগাঁৱৰ প্ৰতিবেদক:
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শুকুৰবাৰে বঙাইগাঁৱতো 'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিলৰ দাবীত সন্ধিয়া জোঁৰ সমদল উলিওৱা হয় ৷ সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সংগঠনটোৰ জিলা কাৰ্যালয় ছহিদ ভৱনৰ পৰা উলিওৱা জোঁৰ সমদল চহৰৰ মাজেৰে মায়াপুৰী তিনিআলি হৈ গান্ধী ময়দানৰ সন্মুখেৰে আহি পুনৰ আছু কাৰ্যালয়ত সামৰণি পৰে। জোঁৰ সমদলত অংশগ্ৰহণ কৰাসকলে 'কা' আমি নামানো , জাতিধ্বংসী 'কা' বাতিল কৰক, বিজেপি চৰকাৰ হুচিয়াৰ , আহ ঐ আহ ,ওলাই আহ আদি বিভিন্ন শ্লোগান দি গোটেই পথচোৱা মুখৰিত কৰি তোলে ৷ জোঁৰ সমদল কাৰ্যসূচীত জিলা 'আছু'ৰ সভাপতি যিনোদ নাথ ,ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জ্যোতি শংকৰ চৌধুৰী,আছুৰ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক অঞ্জন কলিতা,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পুলেন কলিতা, আঞ্চলিক আছুৰ সভাপতি কুলজিৎ ৰায়,সাধাৰণ সম্পাদক জগদীশ ৰায়, আছুৰ বিষয়ববীয়া আৰু কৰ্মীসকল,বঙাইগাঁও জিলা শিল্পী সমাজৰ সভাপতি দীপক দাস আদিয়ে অংশগ্ৰহণ কৰে।
- Log in to post comments
- 9 views