মুখ্যমন্ত্রীৰ মাজুলীত শিক্ষক-কৰ্মচাৰীৰ দুৰাৱস্থাৰ ছবি:পূৰ্বে প্ৰদান কৰা বিত্তীয় সাহায্য বন্ধ কৰিলে বিজেপি চৰকাৰ

ৰাজীৱ পাতিৰ,মাজুলী:

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বতাধীন বিজেপি মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰখনে যোৱাটো বিধানসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰতি পালন নকৰি মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ মাজুলী সমষ্টিৰ অপ্ৰাদেশীকৃত কণিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীয়ে । নিৰ্বাচনত দিয়া বিয়াগোম প্ৰতিশ্ৰুতিৰে দিশপুৰৰ শাসনভাৰ দখল কৰাৰ পিছত সম্পূৰ্ণৰূপে ৰাইজৰ সমস্যাৰ কথা বুজিবলৈ চেষ্টা নকৰাৰ লগতে শিক্ষাৰ উন্নতিৰ বাবে কাম নকৰাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান বহু শিক্ষক-কৰ্মচাৰীয়ে পেটত গামোচা বান্ধি শিক্ষাদান প্ৰক্ৰিয়াত নিয়োজিত কৰিব লগা ঘটনা সংঘটিত হৈছে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে যোৱা '১৬ ৰ নিৰ্বাচনত মাজুলী গড়মূৰ মিনি ষ্টেডিয়ামৰ নিৰ্বাচনী সভাত মাজুলীৰ বিধায়ক তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি ৰাজ্যখনৰ অপ্ৰাদেশীকৃত  শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীক উদ্দেশ্য কৰি কয়--- 'আপোনালোকে আমাক বিজয়ী কৰাওঁক, চৰকাৰ গঠনৰ পিছতেই আমি কথা দিছো আপোনালোকৰ সমস্যা দূৰ কৰিম।  মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া এই প্ৰতিশ্ৰুতিৰ ভিত্তিত অসমৰ জনগণে বিপুল হাৰত ভোটদান কৰাত  মাজুলী তথা ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থীসকল নিৰ্বাচিত হৈ দিছপুৰ দখল কৰিলে। বিজেপি নেতৃত্বতাধীন মিত্ৰজোঁটৰ দলে চৰকাৰ গঠন কৰি বৰ্তমান প্ৰায় চাৰিটা বছৰ অতিক্ৰম হোৱাৰ প্ৰাকক্ষণতো অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানবোৰ প্ৰাদেশীকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে সেই সন্দৰ্ভত কোনো স্পষ্ট স্হিতি প্ৰকাশ কৰা হোৱা নাই পৰিৱৰ্তনকামী চৰকাৰখনে । অ'ত বছৰে প্ৰাদেশিকীকৰণ কৰাটো দূৰৰে কথা বছৰটোৰ মূৰত পূৰ্বে লাভ কৰি থকা বিত্তীয় সাহায্যকেইটাও এইখন বিজেপি চৰকাৰে বন্ধ কৰি বেচৰকাৰী শিক্ষানুষ্ঠানৰ পৰিয়ালবোৰক তিলতিলকৈ ধ্বংসৰ ফালে ঠেলি দিয়াটো অভিশাপ হিচাপে পৰিগণিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে লোহিতপৰীয়া কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নৱজ্যোতি দাস, জ্যেষ্ঠ শিক্ষক প্ৰকাশ ভৰালী, যাদৱ কৃষ্ণ মহন্ত, কৰ্মচাৰী জিতুল হাজৰিকা,প্ৰেম পেগু আদিকে ধৰি শিক্ষক-কৰ্মচাৰীসকলে ।
লগতে তেওঁলোকে কয়  যে আজি আমি কিদৰে জীয়াই আছো, আমাৰ লৰা-ছোৱালীক কিদৰে খুৱাইছো, পিন্ধাইছো-এবাৰলৈও কিয় ভাবি চোৱা নাই। বিগত কুৰিটা বছৰে চৰকাৰে ঢুকি নোপোৱা পিছপৰা অঞ্চলত ৰাইজে প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠানত শিক্ষাদান কৰি হাজাৰ হাজাৰ ছাত্র-ছাত্ৰীক শিক্ষিত কৰি তোলাটো আমাৰ পাপ হ'ল নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে।এইখন পৰিৱৰ্তনকামী বিজেপিৰ কাৰ্যকালত বৰ্তমানলৈ এখনো কণিষ্ঠ মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা নহ'ল বুলি আক্ষেপ প্ৰকাশ কৰিছে । উল্লেখ্য যে মুখ্যমন্ত্রীৰ সমষ্টি মাজুলীৰ অনুসূচীত জাতিৰ অধ্যুষিত চিলাকলা অঞ্চলত ২০০২ চনত উচ্চ শিক্ষিত লোক তথা সচেতন ৰাইজৰ উদ্যোগত প্ৰতিষ্ঠা কৰা হয় লোহিতপৰীয়া কণিষ্ঠ মহাবিদ্যালয় । ইয়াৰ পিছত শিক্ষাৰ্থীক শিক্ষাদান কৰাৰ নামতে সমগ্ৰ জীৱনটো উৎসর্গিত কৰাৰ পিছতো চৰকাৰী প্ৰতাৰণা, প্ৰৱঞ্চনা আৰু ভাতে মৰাৰ পৰিকল্পনা আমাৰ বাবে দূৰ্ভাগ্যজনক বুলি ব্যক্ত কৰে। মহাবিদ্যালয়খনে  ২০০৬ পূৰ্বে মাটিৰ প্ৰমাণপত্ৰকে ধৰি, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা মহাবিদ্যালয় পৰিদৰ্শনৰ প্ৰমান পত্ৰ, যোৰহাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ প্ৰমাণপত্ৰ লাভ কৰিছিল। কিন্তু সেই সময়ত চৰকাৰীভাৱে প্ৰায় দহ বছৰ চৰকাৰী স্বীকৃতি প্ৰদান বন্ধ হৈ থকাৰ বাবে ২০০৬ পূৰ্বে চৰকাৰী স্বীকৃতি মহাবিদ্যালয়খনে লাভ কৰিবলৈ
সক্ষম নহ'ল বুলি প্ৰকাশ কৰিছে অধ্যক্ষ নৱজ্যোতি দাসে। শিক্ষক-কৰ্মচাৰীসকলে প্ৰকাশ কৰামতে কনিষ্ঠ মহাবিদ্যালয়খনৰ সকলো তথ্য পাতিসহ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক দিছপুৰ তথা মাজুলীতো কেবাবাৰো সাক্ষাৎ কৰি অৱগত কৰাত প্ৰতিবাৰেই কিবা এটা কৰাৰ আশ্বাস দিয়েই দায়িত্ব সামৰি আহিছে। প্ৰতিটো বৰ্ষতে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুন্দৰ ফলাফল দেখুৱাই অহা মহাবিদ্যালয়খনত বৃহত্তৰ অঞ্চলটোৰ লগতে লখিমপুৰ সীমামূৰীয়া অঞ্চলৰ অনুসূচীত জাতি আৰু জনজাতিৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আহিছে। প্ৰতি বছৰে তিনি শতাধিক ছাত্ৰ- ছাত্ৰীয়ে অধ্যয়ন কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। লক্ষণীয়ভাৱে চৰকাৰী বিনামূলীয়া পাঠ্য-পুথি, নামভৰ্তি আদিৰ সুবিধা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰি আহিছে যদিও শিক্ষক সকলে দীর্ঘদিনে বিনা পাৰিশ্ৰমিকেৰে শিক্ষকতা কৰি অতি দাৰিদ্ৰতাৰ লগতে মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিছে। শিক্ষকসকলৰ মতে পূৰ্বে বছৰেকৰ মূৰত লাভ কৰি অহা বিত্তীয় সাহায্য কেইটাও নিয়মীয়াকৈ লাভ কৰি থকা হ'লে পৰিয়াল সমূহ কিছু পৰিমানে হলেও উপকৃত হ'লহেতেন। ইয়াৰ পৰিৱৰ্তে সেই সাহায্যও বিজেপি চৰকাৰে বন্ধ কৰি দিয়াত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে শিক্ষক-কৰ্মচাৰীসকলৰ। অধ্যক্ষকে ধৰি কেবাগৰাকী জ্যেষ্ঠ শিক্ষকৰ অৱসৰলৈ মাত্ৰ কেইটামান বছৰহে আছে। লোহিতপৰীয়া কণিষ্ঠ মহাবিদ্যালয়ৰ সমান্তৰালভাৱে অন্য দুখন কণিষ্ঠ মহাবিদ্যালয় ক্ৰমে মাজুলী জনজাতি কনিষ্ঠ মহাবিদ্যালয় আৰু উত্তৰ মাজুলী কণিষ্ঠ মহাবিদ্যালয়ে শিক্ষক-কৰ্মচাৰীসকলেও দীৰ্ঘদিনে বিনা বেতনে শিক্ষাদান কৰি পিছপৰা জনজাতি অঞ্চলৰ শিক্ষা ব্যৱস্থা আগুৱাই নিয়াৰ বাবে বৰ্তী আছে। জিলাখনৰ সৰহ সংখ্যক উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীক এই শিক্ষানুষ্ঠান তিনিখনে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ সমষ্টিৰ কণিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষকৰ এই কৰুণ ছবিখনে ছাত্ৰ- ছাত্ৰীসকলকো ব্যথিত কৰি আহিছে। মাজুলী জিলাৰ এই  বঞ্চিত  শিক্ষক -কৰ্মচাৰীসকলে মুখ্যমন্ত্রীৰ লগতে শিক্ষামন্ত্ৰীক স্পৰ্শকাতৰ বিষয়টো পুনৰবাৰ  বিবেচনা কৰি হয় প্ৰাদেশীকৃত কৰক নাইবা ২০১৬ বৰ্ষৰ পৰা বন্ধ কৰি ৰখা বিত্তীয় সাহায্য কেইটা কনিষ্ঠ মহাবিদ্যালয়ৰ লগতে অন্যান্য শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকলকো প্ৰদান কৰিবলৈ দাবী জনাইছে এই অপ্ৰাদেশীকৃত মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলে ।

Your Comments