নলবাৰীৰ পৰা হেমন্ত কলিতা:
'আছু' নেতা চন্দন বেজবৰুৱাক আৰক্ষীয়ে প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি নলবাৰী জিলাত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ আকৌ এবাৰ ৰাইজৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলায় অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে ৷ বছৰৰ প্ৰথম দিনটোতে নলবাৰীত গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰা লোকৰ ওপৰত জপিয়াই পৰে আৰক্ষী বাহিনী ৷ আনহাতে, আৰক্ষীৰ এই কাৰ্যক ধিক্কাৰ জনাই ১ জানুৱাৰীৰ সন্ধিয়া নলবাৰী সদৰ থানাৰ সন্মুখত আছু কৰ্মীসকলে দাহ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তোলিকা ৷
গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীৰ পুত্তোলিকা দাহ কৰি 'অসম আৰক্ষী হায় হায়,কা আমি নামানো,সৰ্বানন্দ সোণোৱাল মুর্দাবাদ' আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । বৃহস্পতিবাৰে নলবাৰীৰ সমীপৱৰ্তী দাহুদীৰ উলুবাৰীত মুখ্যমন্ত্ৰীক ক’লা পতাকা দেখুওৱাৰ সময়তে উক্ত ঘটনা সংঘটিত হয় ৷ আৰক্ষীয়ে উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক তথা জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক চন্দন বেজবৰুৱাক বহু দূৰলৈকে চোঁঁচৰাই নি প্ৰহাৰ কৰে ৷ এই ঘটনাৰ পিছৰে পৰা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আছু নেতা বেজবৰুৱা । এই ঘটনাৰ প্ৰতিবাদত আছু কৰ্মীয়ে দাহ কৰে মুখ্যমন্ত্ৰীৰ পুত্তোলিকা ।
- Log in to post comments
- 17 views