জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীয়ে ঘৰে ঘৰে প্ৰজ্বলন কৰে এগছিকৈ বন্তি।বন্তি প্ৰজ্বলন কৰি বিজেপি চৰকাৰৰ 'কা' কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব বুলি গ্ৰহণ কৰিছে সংকল্প।লগতে আগন্তক দিনত 'কা' বিৰোধিতা কৰি যোৱাৰ গ্ৰহণ কৰিছে প্ৰতিজন অসমীয়াই।
সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যবাসীক নতুন বছৰৰ প্ৰথম দিনটোত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনোৱাৰ পিছতে বুধবাৰে সমগ্ৰ ৰাজ্যবাসীৰ লগতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজেও বিশ্ববিদ্যালয় চৌহদত 'কা' আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰি প্ৰজ্বলন কৰে বন্তি।
বন্তি প্ৰজ্বলন কৰি ছাত্ৰ সমাজৰ হুংকাৰ শ্বহীদৰ ত্যাগ কেতিয়াও কোনো কাৰণতে অথলে যাব নোৱাৰে।দেহৰ শেষ বিন্ধু তেজ থকালৈকে অসম ৰক্ষাৰ বাবে সংগ্রাম কৰি যোৱাৰ দৃঢ় সংকল্প গ্ৰহণ কৰে ছাত্ৰ সমাজে।উল্লেখ্য যে 'কা' বিৰোধী আন্দোলনত ৰাজ্যৰ ছাত্ৰ সমাজে গ্ৰহণ কৰিছে শক্তিশালী ভূমিকা।তাৰ ভিতৰত কটনিয়ানৰ ভূমিকা অতিকৈ প্ৰশংসনীয় বিবেচিত হৈছে।
- Log in to post comments
- 16 views