অসম সাহিত্য সভাই ইংৰাজী নতুন বৰ্ষৰ প্ৰথম দিনটোত বুধবাৰে 'অৰুণোদই দিৱস' পালন কৰে।দিৱস পালনত সভাৰ সদস্যসকল আৰু বহু কবি-সাহিত্যিকে নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰুদ্ধে মুখত ক'লা কাপোৰ বান্ধি আৰু 'কা' বিৰোধী কবিতা পাঠ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।গুৱাহাটীত ভাগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সন্মুখত অসম সাহিত্য সভাই 'অৰুণোদই দিৱস' পালন কৰে।দিৱস পালনত কবি-সাহিত্যিকসকলে মুখত ক'লা কাপোৰ বান্ধি 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে সভাই অৰুণোদই দিৱস পালন কৰাৰ তাৎপৰ্য ব্যাখ্যা কৰে।ৰাজবংশীয়ে কয় যে অৰুণোদই অবিহনে অসমীয়া ভাষা-সাহিত্য আজিৰ স্থিতিত উপনীত হ'ব নোৱাৰিলেহেতেন।অসম সাহিত্য সভাই 'কা' বিৰোধী প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ৰাজবংশীয়ে কয়।সভাৰ প্ৰতিখন অধিৱেশনতে 'কা' বিৰোধী স্থিতিৰ প্ৰকাশ ঘটিব বুলি ডঃ ৰাজবংশীয়ে মন্তব্য কৰে।
সভাৰ উপ-সভাপতি হেমন্ত কুমাৰ বৰুৱাই ভাষণ প্ৰসংগত অসমীয়াই 'কা' কেতিয়াও নামানে বুলি উল্লেখ কৰে।সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই ভাষণ প্ৰসংগত অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত খ্ৰীষ্টান মিছনেৰী আৰু অৰুণোদইৰ অৱদানৰ বিষয়ে উল্লেখ কৰে।তেওঁ কয়-'অসম সাহিত্য সভাই 'কা' নামানে।১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত এজনো বিদেশী অসমত থাকিব নোৱাৰিব।সভাই অহিংসভাৱে 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব।'বিশিষ্ট সাহিত্যিক-অনুবাদক বিপুল দেউৰীয়ে গণতান্ত্ৰিক মাধ্যমৰে সভাই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ভাষণ প্ৰসংগত কয়।অৰুণোদই দিৱস পালনৰ অনুষ্ঠানটোত বিশিষ্ট লেখক বিপুল শৰ্মা,সভাৰ যুৱ সংসদ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি কৰুণা কান্ত বৰ্মন,সাহিত্যিক দাসো কলিতা,ৰাজকমল চাংকাকতি,ওমৰ ফাৰুক,প্লাবিতা মহন্ত,পিকু ৰাজবংশী আদিয়ে 'কা'ৰ বিৰোধিতাত বক্তব্য আগবঢ়োৱাৰ লগতে কবিতা পাঠ কৰে।
- Log in to post comments
- 20 views