যশস্বী সাহিত্যিক-সাংস্কৃতিক কৰ্মী ৰত্ন ওজাৰ বিয়োগত ৰাজ্যজুৰি শোকৰ ছাঁ

Pic

যশস্বী সাহিত্যিক-সাংস্কৃতিক কৰ্মী,নাট পৰিচালক ৰত্ন ওজাৰ যোৱা নিশা পৰলোকপ্ৰাপ্তি ঘটাৰ পিছত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।ওজাৰ মৃত্যুত অসমৰ সাহিত্য-সাংস্কৃতিক ক্ষেত্ৰত এটা শূন্যতাৰ সৃষ্টি হ'ল বুলি শোক প্ৰকাশ কৰিছে ৰাজ্যৰ সচেতন মহলে।দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ওজাৰ নিশা ১ বজাত পৰলোকপ্ৰাপ্তি ঘটে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।উল্লেখযোগ্য যে জীৱনকালত ১০০ খনতকৈ অধিক নাট পৰিচালনা কৰিছিল প্ৰয়াত ৰত্ন ওজাই।২০০৫ চনত ওজাই লাভ কৰিছিল নটসূৰ্য বঁটা।অসুস্থতা স্বত্বেও 'কা' বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰি প্ৰয়াত ৰত্ন ওজাই ভাষা-সংস্কৃতিৰ ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ দায়বদ্ধতাৰ প্ৰকাশ কৰিছিল।

Your Comments