প্ৰসংগ-'কা'বিৰোধী আন্দোলন:মাঘ বিহুৰ উৰুকাৰ দিনা অসম বিধানসভাৰ বিশেষ অধিৱেশন

Pic

অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে নির্দেশ দিছে ৰাজ্যপাল জগদীশ মুখীয়ে।১৩জানুৱাৰী অৰ্থাৎ মাঘ বিহুৰ উৰুকাৰ দিনা অনুষ্ঠিত হ'ব এই বিশেষ অধিৱেশন।এদিনীয়াকৈ অনুষ্ঠিত হ'ব এই বিশেষ অধিৱেশনখন। উল্লেখ্য যে ৰাজ্যত চলি থকা 'কা' বিৰোধী আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি অসম বিধানসভাৰ বিশেষ অধিৱেশনৰ আহ্বান জনাইছে ৰাজ্যপালে।ইয়াৰ পূৰ্বে অসম বিধানসভাৰ দুয়োটা বিৰোধী দল কংগ্ৰেছ আৰু এআইইউডিএফ দলে বিশেষ অধিৱেশনৰ দাবী জনাইছিল সাম্প্রতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি।

Your Comments