শৃংখল চলিহাক পুনৰ দুদিনৰ চিআইডি জিম্মালৈ:আদালতলৈ অনাৰ পথত কৈ গ'ল 'জয় আই অসম'

Pic

বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখলা চলিহাক পুনৰ দুটা দিনৰ বাবে চিআইডি জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে।২৮ ডিচেম্বৰত বীৰ লাচিত সেনাৰ নেতাগৰাকীক পুনৰ হাজিৰ কৰাব লাগিব আদালতত।উল্লেখ্য যে চিআইডিয়ে বৃহস্পতিবাৰে আদালতক চলিহাক পাঁচ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল,কিন্তু আদালতে দুটা দিনৰ বাবেহে চিআইডি জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে চিআইডিৰ এটা দলে শৃংখলৰ শিৱসাগৰৰ ফুকন নগৰৰ বাসগৃহত অভিযান চলায়।অভিযানৰ সময়ত বিশেষ তথ্য লাভ কৰা নাছিল যদিও মাতৃৰ এটা মোবাইল ফোন জব্দ কৰিছিল চিআইডিৰ দলটোৱে। আনহাতে,আজি আদালতলৈ অনাৰ সময়ত শৃংখল চলিহাই অসম নামৰ মাজনীৰ বাবে কোনো কম্প্ৰ'মাইজ কৰা নহ'ব বুলি উল্লেখ কৰাৰ লগতে 'জয় আই অসম' ধ্বনি দিয়ে। গুৰুত্বপূৰ্ণ কথা এই যে যোৱা ২৩ ডিচেম্বৰত ডিব্ৰুগড়ৰ এখন 'কা' বিৰোধী সভাত অংশগ্ৰহণ কৰি উভতি অহাৰ পথত গ্ৰেপ্তাৰ কৰা লাচিত সেনাৰ নেতাগৰাকীক সেই দিনাই লৈ অহা হৈছিল গুৱাহাটীলৈ।আদালতে প্ৰথম দুদিনৰ বাবে বীৰ লাচিত সেনাৰ নেতাগৰাকীক চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।জিম্মাৰ ম্যাদ অন্ত পৰাত আজি হাজিৰ কৰোৱা হয় আদালতত।

Your Comments