মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত 'নিয়া'ৰ হাতত গ্ৰেপ্তাৰ হোৱা কৃষক নেতা অখিল গগৈক সাময়িক সকাহ দিছে ন্যায়ালয়ে।১০দিনৰ নিয়াৰ জিম্মাৰ ম্যাদ বৃহস্পতিবাৰে অন্ত পৰাত কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য উপদেষ্টাগৰাকীক কটকটীয়া নিৰাপত্তাৰ মাজত হাজিৰ কৰোৱা হয় গুৱাহাটীৰ নিয়াৰ আদালতত।তদন্তকাৰী নিয়াৰ দলটোৱে কৃষক নেতা গগৈক পুনৰ নিজৰ জিম্মাত বিচাৰি আবেদন কৰিছিল যদিও আদালতে কিন্তু কৃষক নেতাগৰাকীক নিয়াৰ জিম্মাত নিদি ১৪দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে।মাওবাদীৰে সম্পৰ্ক থকাৰ কোনো তথ্য আদালতত নিয়াই প্ৰদান কৰিব নোৱাৰাৰ বাবে আদালতে পুনৰ নিয়াৰ জিম্মাত নিদিলে গগৈক।সেই অনুসৰি অহা ১০ জানুৱাৰীত পুনৰ আদালতত কৃষক নেতাগৰাকীক হাজিৰ কৰোৱাৰ নির্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে।এতিয়া,গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিব অখিল গগৈ। উল্লেখ্য যে যোৱা ১৪ ডিচেম্বৰত নিয়াই গগৈৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। সেই গোচৰৰ ভিত্তিতে ১৬ ডিচেম্বৰত যোৰহাটত গ্ৰেপ্তাৰ কৰা হৈছিল কৃষক নেতাগৰাকীক। আনহাতে,গুৰুত্বপূৰ্ণ কথা এই যে বৃহস্পতিবাৰে পুৱা ৭ বজাত আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে কৃষক নেতাগৰাকীৰ নিজৰাপাৰৰ বাসগৃহ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য কাৰ্যালয়ত তালাচী চলাই জব্দ কৰিছিল কিছু তথ্য।
- Log in to post comments
- 46 views