পুনৰ আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে অখিল গগৈৰ বাসগৃহ আৰু কৃষক মুক্তি সংগ্রাম সমিতিৰ কাৰ্যালয়ত 'নিয়া'ৰ অভিযান

Pic

কৃষক নেতা অখিল গগৈক বৃহস্পতিবাৰে পুনৰ হাজিৰ কৰোৱা হ'ব 'নিয়া'ৰ আদালতত।মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগ তুলি যোৱা ১৬ ডিচেম্বৰৰ দিনা নিয়াই গ্ৰেপ্তাৰ কৰিছিল কৃষক নেতা অখিল গগৈক।তাৰ পিছত গুৱাহাটীৰ নিয়াৰ আদালতে দহ দিনৰ বাবে কৃষক নেতাগৰাকীক নিয়াৰ জিম্মাত দিছিল।তাৰ পিছতে কৃষক নেতাগৰাকীক লৈ যোৱা হৈছিল দিল্লীলৈ।দিল্লীৰ নিয়াৰ জিম্মাত ৰখাৰ পিছত বুধবাৰে পুনৰ গুৱাহাটীলৈ লৈ অহা হয় অখিল গগৈক।ইফালে,গুৰুত্বপূৰ্ণ কথা এই যে বৃহস্পতিবাৰে পুনৰ আদালতত হাজিৰ কৰিব লগা কৃষক নেতাগৰাকীৰ গুৱাহাটীৰ নিজৰাপাৰৰ বাসগৃহ আৰু গান্ধবস্তিৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য কাৰ্যলয়ত নিয়াৰ দুটা দলে পৃথকে পৃথকে অভিযান চলায়।অভিযানৰ অন্তত গগৈৰ পত্নীয়ে  সংবাদ মাধ্যমৰ আগত কয় যে দলটোৱে লেপটপ, বেংক পাচবুক, পেন ড্ৰাইভ, বৃহৎ নদী বান্ধৰ এটা ফাইল লৈ গৈছে।প্ৰাপ্ত খবৰ অনুসৰি বৰ্তমান অখিল গগৈক পাণবজাৰ আৰক্ষী থানাত ৰখা হৈছে।

Your Comments