প্ৰতীক হাজেলাৰ স্থানত দায়িত্ব ল'লে এনআৰচিৰ নতুন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই

Pic

অৱশেষত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব গ্ৰহণ কৰিলে হিতেশ দেৱ শৰ্মাই।পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাৰ বদলিৰ পিছত যোৱা এমাহৰো অধিক সময় খালি হৈ থকা ৰাজ্যিক সমন্বয়কৰ দায়িত্ব মঙলবাৰে গ্ৰহণ কৰে শৰ্মাই। উল্লেখ্য যে যোৱা ১১ নৱেম্বৰত প্ৰতীক হাজেলাৰ বদলীৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ৯ নৱেম্বৰত শৰ্মাক নিযুক্তি দিছিল হাজেলাৰ উত্তৰসুৰী হিচাপে।কিন্তু ৰহস্যজনকভাৱে সেই নিযুক্তিৰ পিছতে শৰ্মাই দায়িত্ব গ্ৰহণ নকৰি পুত্ৰৰ বিয়াৰ বাবে ছুটিত আছিল।তাৰ মাজতে আমছু,বৰপেটাৰ সাংসদ আব্দুল খালেকে শৰ্মাৰ নিযুক্তি বাতিলৰ দাবীত সংবাদমেল সম্বোধন কৰি শৰ্মাই প্ৰধানকৈ সামাজিক মাধ্যম ফেচবুকত দিয়া কিছুমান বিতৰ্কিত পোষ্ট ৰাজহুৱা কৰিছিল। ১৯৮৬ চনৰ এচিএছ বিষয়া শৰ্মাই দায়িত্ব গ্ৰহণ কৰি কয়-কাম-কাজত সকলোবোৰ বুজি পূৰ্বৰ অভিজ্ঞতা ব্যৱহাৰ কৰিম।'লগতে আইন আৰু অসমবাসীৰ প্ৰতি নিজকে দায়বদ্ধ বুলি উল্লেখ কৰে হিতেশ দেৱ শৰ্মাই।

Your Comments