ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ Z+নিৰাপত্তা ব্যৱস্থা কৰ্তন কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে।উল্লেখ্য যে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী(NSG)য়ে দি অহা নিৰাপত্তা ব্যৱস্থা প্ৰত্যাহাৰ কৰি এতিয়াৰে পৰা কেৱল Z শাখাৰ নিৰাপত্তা ব্যৱস্থা লাভ কৰিব মহন্তই।এই নিৰাপত্তা ব্যৱস্থাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফৰ নিৰাপত্তা লাভ কৰিব মহন্তই।'কা'ৰ বিৰোধিতাত অসমৰ ৰাইজৰ পক্ষত থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে প্ৰফুল্ল কুমাৰ মহন্তৰ Z+নিৰাপত্তা ব্যৱস্থা কৰ্তন কৰা হৈছে বুলি চৰ্চা হৈছে।
- Log in to post comments
- 35 views