বিজেপি চৰকাৰৰ জাতিধ্বংসী 'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিলৰ দাবীৰে ঐতিহাসিক লতাশিল খেলপথাৰত পাঁচ সহস্ৰাধিক মহিলাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টাকৈ জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত শনিবাৰে দিনৰ ১১বজাৰ পৰা আৰম্ভ হোৱা তিনিঘন্টীয়া মহিলা সমাৱেশত উপস্থিত থাকে মহানগৰীৰ বিভিন্ন বয়সৰ নাৰী সমাজ।সকলোৱে একেমুখে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' কোনো কাৰণতে অসমীয়া জাতিয়ে গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক। 'কা' আমি নামানো,বিজেপি গ' বেক, অমিত শ্বাহ মুর্দাবাদ,নৰেন্দ্ৰ মোডী মুর্দাবাদ,সৰ্বা-হিমন্ত লে-লেই-ছেই-ছেই, জাতিৰ দালাল বিজেপি হুচিয়াৰ আদি চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল হৈ পৰে গুৱাহাটীৰ আকাশ-বতাহ।উল্লেখ্য যে 'কা' বিৰোধী নাৰী সমাৱেশত অংশগ্ৰহণ কৰে গৰিমা শইকীয়া গাৰ্গ,কণ্ঠশিল্পী ভিতালী দাস,মীৰা বৰঠাকুৰৰ লগতে বয়সে আঠটা দশক অতিক্ৰম কৰা বহু কেইগৰাকীই আইতাই। আনহাতে,সমাৱেশত উপস্থিত থকা নাৰীসকলক উদ্দেশ্য কৰি 'আছু' সভাপতি দীপাংক নাথে কয়-'কেন্দ্ৰ-ৰাজ্য চৰকাৰে প্ৰতিবাদৰ চিঞৰ শুনিও আজি নুশুনা ভাও ধৰিছে।আমাৰ স্পষ্ট কথা অসম চুক্তি অনুসৰি '৭১ৰ পিছত অহা কোনো বিদেশীক আমি গ্ৰহণ নকৰো।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আমাক বেলেগ কথা বুজাই লাভ নাই।'দেশৰ স্বাধীনতা সংগ্রামৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰতিটো জাতীয় আন্দোলনত নাৰীশক্তিৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি নাথে আৰু কয়-'নাৰীশক্তি জাগ্ৰিত হৈছে,ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰ সাৱধান হওঁক।অন্যথা ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব।' অসমীয়া মানুহৰ ভাষা-সংস্কৃতি, আত্মনিয়ন্ত্ৰণ দিল্লীয়ে নিঃশেষ কৰাৰ বাবে চেষ্টা চলোৱা বুলি উল্লেখ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়-'ইতিহাসে বিভিন্ন সময়ত প্ৰমাণ কৰিছে ভাৰতবৰ্ষত অন্যায় হজম আৰু সহ্য কৰিব নোৱাৰা জাতিটোৱে হৈছে অসমীয়া।' 'যিটো জাতিৰ ইতিহাসত মূলগাভৰু, কনকলতা,জয়মতীৰ দৰে নাৰীশক্তি আছে,সেই জাতিক সৰ্বা-হিমন্তৰ দৰে বদনে যিমানেই কথাৰ ফুলজাৰিৰে প্ৰলোভন নিদিয়ক,গণতান্ত্ৰিক চেতনা যে স্তব্ধ কৰিব নোৱাৰে সেয়াই স্পষ্ট কথা।তাৰেই শক্তি পুনৰবাৰ সংগ্রামৰ জৰিয়তে প্ৰমাণ কৰি দেখুৱাইছে অসমৰ নাৰীশক্তিয়ে'-গগৈয়ে কয়। 'আমাৰ জাতীয় আবেগ গামোচাক তুচ্ছ তাচ্ছিল্য কৰা মোডী-শ্বাহে যিমানেই অসমীয়া পোছাকক বেয়া পাব,সিমানেই অসমীয়াই জাতীয় তথা ধৰ্মীয় পোচাক পিন্ধি ৰাজপথলৈ ওলাই আহিব।যিকোনো সংগ্রামত নাৰীশক্তি যেতিয়া চামিল হয়, তেতিয়া সেই সংগ্রামে পূৰ্ণতা পায়।অসমীয়া নাৰীশক্তি ওলাই অহাৰ পিছতে এতিয়া 'কা' বিৰোধী আন্দোলনটোৰ পৰিসৰ জুইশাললৈ যাব'-লুৰিনজ্যোতি গগৈয়ে কয়।
- Log in to post comments
- 28 views