'কেব' বিৰোধিতাৰে গুৱাহাটীত শিল্পী সমাজৰ বৃহৎ প্ৰতিবাদী সমদল

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মহানগৰীৰ ৰাজপথত ৰাজ্যৰ শিল্পী সমাজ।মঙলবাৰে চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰৰ পৰা বিধেয়ক বিৰোধিতাৰে 'শিল্পী হুংকাৰ' শীর্ষক এটা প্ৰতিবাদী সমদল উলিয়াই।শিল্পীসকলৰ প্ৰতিবাদী কাৰ্যসূচীলৈ ওলাই আহিল ৰাজ্যৰ প্ৰায়সংখ্যক শিল্পী।লগতে তেওঁলোকক সংগ দিয়ে মহানগৰীৰ একাংশ সাধাৰণ নাগৰিকে। প্ৰায় তিনি সহস্রাধিক নাগৰিকে অংশগ্ৰহণ কৰা এই সমদল চানমাৰিৰ পৰা পোনে আহে আহে আছুৰ মুখ্য কাৰ্যালয় শ্বহীদ ভৱনলৈ।উল্লেখ্য যে নেছ'ৰ উদ্যোগত আছুৱে আহ্বান জনোৱা অসম বন্ধলৈ পূর্ণ সমৰ্থন জনাই শিল্পীসকল উপস্থিত হয় শ্বহীদ ভৱনত। প্ৰতিবাদত অংশগ্ৰহণ কৰি অভিনেত্ৰী বৰষাৰাণী বিষয়াই কয়-'অসমীয়া কেতিয়াও সংখ্যালঘু হ'ব নোৱাৰে।চিঞৰি আছো আৰু সদায় চিঞৰি যাম।' লগত ৰাজ্যক উদ্দেশ্য কৰি অভিনেত্ৰীগৰাকীয়ে কয়-'শ্বহীদসকল কি মূৰ্খ আছিল নেকি অসম আন্দোলন, ভাষা আন্দোলন কৰি অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰাণ ত্যাগ কৰিবলৈ।আজি অসমত অসমীয়াৰ অস্তিত্ব ধূলিছাৎ কৰিবলৈ বিচাৰিছে।' উল্লেখ্য যে অহা ১৫ ডিচেম্বৰত জাপানৰ প্ৰধানমন্ত্ৰীৰ আগত অসমৰ শিল্পী সমাজে কোনো সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন নকৰে।যদি এই কথা কোনোবাই অমান্য কৰে,তেন্তে সেইসকলক শিল্পী সমাজে এঘৰীয়া কৰিব বুলি আজি সমদলস্থলীৰ পৰা ঘোষণা কৰে।ইয়াৰ উপৰিও কেব বাতিল নোহোৱা পৰ্যন্ত কোনো চৰকাৰী কাৰ্যসূচীত শিল্পী সমাজে পৰিৱেশন নকৰে অনুষ্ঠান।এই প্ৰসংগত অভিনেত্ৰী বৰষাই কয়-'জাতিৰ উত্তৰণৰ কাম কৰিলে সদায় সহযোগ কৰিম।জাতি ধ্বংসৰ কাম কৰিলে সদায় বিৰোধিতা কৰিম।' অভিনেতা উৎপল দাসে প্ৰতিবাদত অংশগ্ৰহণ কৰি কয়-'কেব কেতিয়াও কোনো কাৰণত মানি লোৱা নহ'ব,ই অসম আৰু অসমীয়াৰ বিৰোধী।' কণ্ঠশিল্পী মণ্টুমণি শইকীয়াই কয়- 'ৰাজ্যসভাত এতিয়া উত্থাপন হ'বলৈ কেব বাকী আছে।চৰকাৰে ইয়াক বাতিল কৰক।শিল্পী সমাজ ঐক্যবদ্ধ সংগ্রাম অন্যথা চলি থাকিব।' কণ্ঠশিল্পী গীতালি কাকতিয়ে কয়- 'মাইক্ৰ'ফোন ল'বলৈ আমি যেনেদৰে কুণ্ঠাবোধ নকৰে,হেংদাং ল'বলৈয়ো আমি ভয় নকৰো।কাৰণ আমি মূলগাভৰু,কনকলতাৰ দেশৰ জীয়াৰী।' কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই কয়-'ৰাইজে বিচৰা নাই।চৰকাৰে জোৰ কৰি জাপি দিবলৈ বিচাৰিলে হ'ব নেকি!সংগ্রাম আৰম্ভ হৈছে আৰু চলিব।' শিল্পী মানস ৰবীনে কয়-'উত্তৰ-পূবৰ সকলো ৰাজ্যৰ মাজত বিভাজন কৰি কেৱল অসমৰ ওপৰত এই বিল জাপি দিবলৈ বিচাৰিছে।অসমৰ বাবে সেইটোৱে আজি এতিয়া দুৰ্ভাগ্যজনক কথা।অসম কি বিদেশী চৰণীয়া পথাৰ নেকি!' উল্লেখ্য যে প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে শিল্পী দীক্ষু শৰ্মা,অজয় ফুকন,উদয় শংকৰ আদি কৰি বহুসংখ্যক অভিনেতা-অভিনেত্ৰী তথা কণ্ঠশিল্পীয়ে।

Your Comments