জাকাৰ্টাত চলি থকা এছিয়ান গেমছত নগাঁৱৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ছয়গৰাকী অসম সন্তানে ভাৰতক প্ৰতিনিধত্ব কৰিছে৷ যোৱা কালি বেবেজীয়াৰ সমীপৰ চকলাঘাট আৰু টোকোৰাবাহী নামৰ দুখন গাঁৱৰ ৰাইজে টোকোৰাবাহী নামঘৰত সমবেত হৈ হিমা দাস, শিৱ থাপা, কবিতা দেৱী, অস্মিতা চলিহা, প্ৰমিলা দৈমাৰী আৰু ৰশ্মিতা বৰুৱাই নিজ নিজ ক্ষেত্ৰত যাতে সফল হৈ অসমৰ লগতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়৷ দুয়ো গাঁৱৰ আয়তীসকলৰ লগতে ভকতসকলে টোকোৰাবাহী নামঘৰত সমবেত হৈ সমূহীয়াকৈ নাম-কীৰ্তন আৰু প্ৰাৰ্থনা কৰাৰ লগতে অসম গৌৰৱ ছয়গৰাকী খেলুৱৈৰ সু-স্বাস্থ্য কামনা কৰে৷
- Log in to post comments
- 34 views