বকুলগুৰীৰ কপিলী নৈৰ খহনীয়া খিৰতী গাইলৈ পৰিণত হৈছে একাংশ ঠিকাদাৰৰ 

local_news

নগাওঁ জিলাৰ  কামপুৰ বকুলগুৰীৰ কপিলী নৈৰ গৰাখহনীয়া বাতৰি ধাৰাবাহিক ভাৱে প্ৰকাশ পোৱাৰ পাছত গা লৰিল জিলা প্ৰশাসনৰ ৷ মঙ্গলবাৰে খহনীয়াগ্ৰস্ত এলেকা পৰিৰ্দশন কৰে নগাওঁ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে। উপায়ুক্ত গৰাকী উপস্থিত হৈ ৰাইজৰ লগত গৰাখহনীয়া প্ৰতিৰোধৰ সৰ্ম্পকত আলোচনাত মিলিত হয় ।

তাৎপৰ্যপূৰ্ণভাবে উপায়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমত কৰা মন্তব্যত খহনীয়া প্ৰতিৰোধ সৰ্ম্পকত ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে দিয়া প্ৰতিশ্ৰুতিবোৰ কেৱল যে মিথ্যাচাৰ আছিল সেয়া উন্মোচিত হয় । উল্লেখ্য যে বিধায়ক দাসে বিভিন্ন সভাই সমিতিয়ে উল্লেখ কৰি আহিছিল যে বকুলগুৰিৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে চাৰি কোটি টকা অনুমোদন কৰিছে আৰু অহা খৰালিৰ সময়ছোৱাত কাম আৰম্ভ হব।

কিন্ত নগাওঁ জিলাৰ উপায়ুক্তৰ মন্তব্য ইয়াৰ সম্পূৰ্ণ বিপৰীত। উপায়ুক্ত বিশ্বজিৎ পেগুৰ মতে খহনীয়া এলেকাত যাতায়তৰ সুবিধাৰ বাবে তাৎক্ষণিক ব্যৱস্থা লোৱা হব আৰু খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ বাবে চিন্তা-চৰ্চা কৰা হব। কিন্তু বিধায়কগৰাকীয়ে দাবী কৰাৰ নিচিনাকৈ কোনো চৰকাৰী আচনি গ্ৰহণৰ কথা উপায়ুক্ত গৰাকীয়ে এবাৰলৈও উল্লেখ নকৰিলে ।

ইফালে বকুলগুৰীৰ খহনীয়া এলেকাটো এজনী খিৰতী গাইত পৰিণত হোৱা বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন আঁচনি সমূহৰ ধনে একাংশ দালালৰ পকেত গৰম কৰা বুলি মন্তব্য কৰি অহা ২৩ আগষ্টত খহনীয়া এলেকাত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লোৱাৰ হুঙ্কাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।


 

Your Comments