গুৱাহাটী পালে ভূতপূৰ্ব প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অস্থি কলহ

atal_guwahati

প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অস্থি কলহ নতুন দিল্লীৰ পৰা আজি গুৱাহাটী আহি পায়৷ আজি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিয়লি ২.৪৫ বজাত অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ পৰা এই অস্থি কলহ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গ্ৰহণ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা, আইন উপদেষ্টাৰ লগতে নিগম-নিকায়ৰ কেইবাগৰাকী অধ্যক্ষ আৰু উপাধ্যক্ষৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে আজি এই অস্থি কলহ গ্ৰহণ কৰে৷ 

atal_guwahati

বিমান বন্দৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়, মালিগাঁও, ফাঁচিবজাৰ, উলুবাৰী হৈ হেঙেৰাবাৰীৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়লৈ এক সুবিশাল সমদলেৰে কাৰ্যালয়লৈ অনা হয় প্ৰয়াত প্ৰধান মন্ত্ৰীগৰাকীৰ অস্থি কলহ ৷  বিমান বন্দৰৰ পৰা দলৰ মুখ্য কাৰ্যালয়লৈ এই সুদীৰ্ঘ পথছোৱা অতিক্ৰম কৰাৰ সময়ত বিভিন্ন স্থানত প্ৰয়াত জননেতা গৰাকীৰ প্ৰতি ৰাইজে শ্ৰদ্ধা নিবেদন কৰা পৰিলক্ষিত হয় ৷

হেঙাৰাবাৰীৰ বিজেপিৰ প্ৰদেশ মুখ্য কাৰ্যালয়তো দেশৰ মহান নেতা গৰাকীৰ প্ৰতি বিভিন্নজনে শ্ৰদ্ধাঞ্জলি আগবঢ়ায়৷
জানিব পৰা মতে কাইলৈ দিনৰ ১ বজাত হেঙেৰাবাৰীৰ বিজেপি কাৰ্যালয়ৰ পৰা অস্থি বিসৰ্জন যাত্ৰা আৰম্ভ হৈ হৈ চানমাৰী, শিলপুখুৰী, লতাশিল, ফাঁচিবজাৰ হৈ লাচিত পাৰ্কৰ সমীপৰ ব্ৰহ্মপুত্ৰত ভূতপূৰ্ব প্ৰধান মন্ত্ৰী গৰাকীৰ অস্থি ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ’ব৷
 

Your Comments