তামুলপুৰত অৱসৰপ্ৰাপ্ত বিদ্যালয় প্ৰধানক বিদায় সম্বৰ্দ্ধনা অধিবিদ্যা পৰিষদৰ 

teacher_assam

বাক্সা জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ অন্তৰ্গত ১১ নং তামুলপুৰ অধিবিদ্যা পৰিষদৰ দ্বাৰা আজি আনুষ্ঠানিক ভাৱে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পুৰন্দৰ বড়ো আৰু মাজদিয়া হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চৰিত্ৰ কলিতাক আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্দ্ধনা জনোৱা হয় ৷ তদুপলক্ষে আজি তামুলপুৰ মহকুমা সদৰৰ বৰখোপা হাইস্কুলত তামুলপুৰ অধিবিদ্যা পৰিষদৰ সাধাৰণ সম্পাদক গোপাল ৰাজবংশীৰ পৰিচালনাত এখন সভা অনুষ্ঠিত হয়৷

উক্ত সভাত বাক্সা জিলা অধিবিদ্যা পৰিষদৰ সভাপতি তথা বাক্সা জমলা স্কুল সমূহৰ পৰিদৰ্শক ডঃ ৰমেশ চন্দ্ৰ চুতীয়া মুখ্য অতিথি হিচাবে উপস্থিত থকাৰ উপৰিও কাৰ্যকৰী সভাপতি বৈকুন্ঠ তালুদাৰ ,সাধাৰণ সম্পাদক সূৰ্য্য কলিতা অতিথি হিচাবে উপস্থিত থাকে ৷ সভাত অৱসৰী দুই বিদ্যালয় প্ৰধান ক্ৰমে পুৰন্দৰ বড়ো আৰু চৰিত্ৰ কলিতাক একোখন ফুলাম জাপি গামোচা,চেলেংচাদৰ, গ্ৰন্থ আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷

সম্বৰ্দ্ধনাৰ উত্তৰত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুৰন্দৰ বড়োই নিজৰ ভাষনত বিদ্যালয় প্ৰধান সকলৰ লগতে শিক্ষাৰ সতে জড়িত সকলক মানৱ সম্পদৰ দৰে এটি কঠিন কাম বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ মাজেৰে আগুৱাই নিব লাগিব বুলি কয় ৷

যাৰ দ্বাৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে সমাজখনৰো লাভ হয় ৷ তেওঁ কয় যে সুদক্ষতাৰে, সাহসিকতাৰে শিক্ষাদানৰ দৰে মহান কাম কৰাৰ লগতে দায়িত্ববোধেৰে শিক্ষানুষ্ঠানৰ প্ৰশাসনিক কাম-কাজ চলালেহে এখন শিক্ষানুষ্ঠানে সফল হব পাৰিব ৷ আনজন অৱসৰী প্ৰধন শিক্ষক চৰিত্ৰ কলিতাই শিক্ষক সকলৰ দায়িত্ব আৰু কৰ্তব্য পৰায়নাৰ ওপৰত গুৰুত্ব দি শিক্ষানুষ্ঠানত শিক্ষাদান কৰাৰ লগতে সকলো ক্ষেত্ৰতে আন্তৰিকতাৰ প্ৰয়োজন বুলি কয় ৷

মুখ্য অতিথিৰ আসনৰ পৰা বাক্সা জিলাৰ স্কুল পৰিদৰ্শক ডঃ ৰমেশ চন্দ্ৰ চুতীয়াই এক সাৰগৰ্ভ বক্তব্য আগবঢ়ায় কয় যে শিক্ষক সকল হল সমাজ এখনৰ পৱিত্ৰ প্ৰাণ ৷ বিদ্যালয় প্ৰধান সকলে সদায় দায়িত্ব বোধেৰে সমাজ ব্যৱস্থাৰ সতে ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰিব লাগিব৷ তেতিয়াহে এখন শিক্ষানুষ্ঠানৰ প্ৰধান হিচাবে সমাজে সদায় সন্মান জনাব ৷ তাৰ বাবে লাগিব একাগ্ৰতা, আন্তৰিকতা আৰু দায়িত্ববোধ ৷ আঙুলিৰ মূৰত হিচাব ৰাখি চলিলে এজন প্ৰধান শিক্ষকে শিক্ষানুষ্ঠান খনৰ ৰেহ-ৰূপ সলনি কৰিবলৈ সক্ষম হ’ব ৷ সাম্প্ৰতিক সময়ত অৱসৰ লোৱাৰ সময় হোৱা বিদ্যলয় প্ৰধান সকলে সন্মান সহকাৰে তলৰ শিক্ষক সকলক দায়িত্ব দি তাৰ পৰিচালনা আৰু কৰ্ম আচনিৰ বিষয়ে সাম্যক হ’লেও জ্ঞান দি যাব লাগিব বুলি কয় ৷

শিক্ষানুষ্ঠান এখনৰ সকলো শিক্ষক কৰ্মচাৰীকে সন্মান জনাই সকলো কাম কৰিলেহে এজন সাৰ্থক বিদ্যালয় প্ৰধান হিচাবে মৰম আৰু শ্ৰদ্ধা পাব বুলি কয় ৷ বিদ্যালয় সমূহৰ নিয়ম-নীতি দায়িত্ববোধ আৰু কৰ্তব্য পৰায়নতা হব লাগিব সকলোৰে মাপকাঠি বুলি কৈ তেওঁ অবসৰী বিদ্যালয় প্ৰধান সকলক উদ্দেশ্য়ি কয় যে অৱসৰ গ্ৰহণ কৰিলেও তেওঁলোকৰ দায়িত্ব কেতিয়াও শেষ হৈ নাযায় ৷ তেখেত সকলে সমাজৰ কাৰণে হ’লেও শিক্ষানুষ্ঠান সমুহৰ প্ৰতি চকু দিব লাগিব ৷  

সভাত বৈকুন্ঠ তালুকদাৰেও বক্তব্য় আগবঢ়ায় ৷ আজিৰ এই বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানত তামুলপুৰ অধিবিদ্যা পৰিষদৰ অন্তৰ্গত ক্ৰমে কচুবাৰী, বৰ বেলবাৰী, ৰামেচুবুৰী, বতিয়ামাৰী, কলবাৰী, উলুবাৰী, মাজদিয়া, পদ্মানন্দ , পশ্চিম তামুলপুৰ  তামুলপুৰ ছোৱালী হাইস্কুল,তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ সমন্বিতে আন বিদ্যালয়ৰ প্ৰধান শিক্ষক সহ কেইবাগৰাকী অৱসৰী প্ৰধান শিক্ষক উপস্থিত থাকে ৷

Your Comments