আকৌ তামুলপুৰত লাডেনৰ সন্ত্ৰাস পুনৰ ভাঙিলে ছয়টা পৰিয়ালৰ বাসগৃহ

laden_tamulpur

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিত নিৰৱচ্ছিন্নভাবে তাণ্ডৱ অব্যাহত ৰাখিছে লাডেন নামৰ বন্য হাতীটোৱে। যোৱা সোমবাৰে নাগ্ৰীজুলি চাহ বাগিচাৰ ৬নং শ্ৰমিক লাইনত এজন আৰু মঙলবাৰে কুম্ভীঝাৰত এজন, মুঠ দুজনকৈ লোকক হত্যা কৰা লাডেন নামৰ দুধর্ষ অকলশৰীয়া হাতীটোই নিদ্ৰা হৰণ কৰিছে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ ৰাইজ আৰু বনবিভাগৰ লোকৰ।

যোৱা নিশা প্ৰায় ১ বজাত লাডেন নামৰ বনৰীয়া হাতীটোৱে পুনৰ নাগ্ৰীজুলি চাহ বাগিচাৰ ৬নং শ্ৰমিক লাইনত প্ৰৱেশ কৰি গুজৰী-গুমৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। লাডেনে শ্ৰমিক লাইনটোত প্ৰৱেশ কৰাৰ লগে লগে নিজৰ ঘৰ-দুৱাৰ এৰি পৰিয়ালৰ লোক সকল যেনি-তেনি পলাই নিজৰ জীৱন ৰক্ষা কৰে। হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হৈ থকা মানুহ মৰাত অভ্যস্ত এই হাতীটোৰ প্ৰবেশৰ লগে লগে হুৱা-দুৱা লাগে শ্ৰমিক লাইনত।

laden_tamulpur

হাতীটোৱে শ্ৰমিক লাইনটোত প্ৰৱেশ কৰিয়েই অমিত কুমাৰ, বিৰ্জু বৰুৱা, আৰমানচাই এক্কা, বির্চা ওৰাং, ভীমচাই তিৰকী আৰু ৰিচাৰ্ড মিঞ্জ নামৰ চাহ শ্ৰমিক কেইজনৰ কেইবাটাও ঘৰ ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰে আৰু ঘৰৰ ভিতৰৰ বয়-বস্তু খাই তহিলং কৰে। ঘৰ ভাঙি, খাদ্য বস্তু খাই, ক্ষান্ত নাথাকি হাতীটোই ঘৰৰ চকী পালেং, আলমিৰা, ট্ৰাংক আদিকে ধৰি বিভিন্ন আচবাব ভাঙিও তাণ্ডৱ চলায়।

ইপিনে লাডেনৰ প্ৰবেশৰ খবৰ পোৱাৰ লগে লগে নিশাই বন বিভাগৰ বিষয়া মতি ওজাৰ নেতৃত্বত বনকৰ্মীৰ দল এটা নাগ্ৰীজুলি চাহ বাগিচাৰ ৬নং লাইনত উপস্থিত হয় আৰু ৰাইজৰ সতে লগ লাগি ফটকা ফুটাই, জুই জ্বলাই, টিন, কাঁহী-বাতি আদি বজাই বহু কষ্ট কৰি এই হাতীটোক কিছু দূৰলৈ খেদি পঠিয়াবলৈ সক্ষম হয়। লাডেন নামৰ হাতীটোৱে বিগত বহু দিন ধৰি নাগ্ৰীজুলি চাহ বাগিচাত দিনৰ ভাগত আশ্ৰয় লৈ বাগিচা খনৰ ভিতৰতে বিচৰণ কৰি থকাত অঞ্চলটোৰ ৰাইজে সন্ধিয়াৰ পৰাই জুম পাতি পাহৰা দি থাকিব লগীয়া হৈছে। আনকি বিদ্যালয় -মহাবিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলেও নিজৰ পঢ়া চকী-মেজ এৰি হাতীৰ আক্ৰমণৰ ভয়ত ঘৰৰ পৰা বাহিৰত আশ্ৰয় লৈ হাতী খেদাত ব্যস্ত থাকিব লগত পৰিছে।

আজিও লাডেনে নাগ্ৰীজুলি চাহ বাগিচাৰ সমীপত বৰনদীৰ পাৰত বিচৰণ কৰি থকাক লৈ শংকিত হৈ আছে অঞ্চলটোৰ ৰাইজ। শেহতীয়া ভাবে তামুলপুৰৰ বনাঞ্চলিক বিষয়া কেশৱ ব্ৰহ্মই জনোৱা মতে হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাৰ বাবে বেচৰকাৰী সংগঠনৰ সহায় বিচৰা হৈছে আৰু উচ্চ ক্ষমতাৰ টৰ্চ লাইট আৰু উচ্চ শব্দ সৃষ্টি কৰিব পৰা ফটকা যোগানৰো ব্যৱস্থা গ্ৰহণ কৰিছে বান বিভাগৰ তৰফৰ পৰা। বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত বন বিভাগৰ লোকক সহায়-সহযোগ কৰাৰ বাবেও সৰ্বসাধাৰণ ৰাইজক অনুৰোধ জনাইছে বনাঞ্চলিক বিষয়া গৰাকীয়ে।

Your Comments