অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি সলিল নেওগ জটিল ৰোগত আক্ৰান্ত হৈ যোৱা কেইবাদিনো হায়দৰাবাদত চিকিৎসাধীন হৈ আছিল ৷ শেহতীয়াভাৱে চিকিৎসাধীন অৱস্থাতে যুৱ নেতাগৰাকীৰ স্বাস্থ্যৰ দ্ৰুত অৱনিত ঘটাত তেওঁক জৰুৰীকালীন সেৱালৈ স্থানান্তৰ কৰা হয় যদিও বুধবাৰে দিনৰ ১.৫০ বজাত নেতা গৰাকীয়ে ইহলীলা সম্বৰণ কৰে ৷ সলিল নেওগৰ মৃতদেহ বৃহস্পিতবাৰে নিজা গৃহলৈ অনা হ’ব ৷
নেওগৰ মৃত্যুত যুৱ-ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ সমিত, মৰিগাঁও জিলা সমিতি, মঙলদৈ জিলা সমিতিয়ে শোক প্ৰকাশ কৰে৷ যুৱ-ছাত্ৰ পৰিষদৰ সতীৰ্থসকলে সলিল নেওগলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷
- Log in to post comments
- 9 views