উত্তৰ-পূব গ্ৰন্থমেলা আয়োজনত বিধি-পথালি দিছপুৰ-প্ৰকাশন পৰিষদৰ

book_fare

উত্তৰ-পূৰ্বাঞ্চলৰ এক বৃহৎ গ্ৰন্থমেলা 'উত্তৰ-পূব গ্ৰন্থমেলা' । বৰ্তমান গ্ৰন্থ মেলাখনে বিংশতিতম বর্ষত ভৰি দিবলৈ ওলাইছে ।প্ৰতি বছৰৰ নৱেম্বৰ-ডিচেম্বৰ মাহত অনুষ্ঠিত হয় এই গ্ৰন্থমেলা৷ কিন্তু বিংশতিতম বর্ষত ভৰি দিয়াৰ সময়তে উত্তৰ পূৰ্বাঞ্চলৰ 'সাত ৰাজ্যক' সামৰি আয়োজন কৰা এই গ্ৰন্থ মেলাখন জীয়াই ৰখাত প্ৰত্যাহ্বান ৰূপে থিয় দিছে চৰকাৰৰ একাংশ বৰমুৰীয়া তথা অসম প্ৰকাশন পৰিষদে ।

সেই সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সন্থাৰ এক সংবাদ মেল অনুষ্ঠিত হয় । সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে কয় যে উত্তৰ-পূব গ্ৰন্থ মেলাখন সময়মতে অনুষ্ঠিত কৰাৰ বাবে প্ৰতি বছৰৰ দৰে এইবাৰো চানমাৰি অভিযান্ত্ৰিক খেলপথাৰ খন কৰ্তৃপক্ষৰ পৰা আয়োজক সমিতিয়ে অহা ১ নৱেম্বৰ পৰা ২০ নৱেম্বৰলৈ এবছৰ আগতে ‘বুক’ কৰিছিল ।

কিন্তু তাৰ পাছতো অসম প্ৰকাশন পৰিষদে চৰকাৰী প্ৰভাৱৰ জৰিয়তে সেই একে সময়তে শিশু গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ বাবে খেলপথাৰখন অধিগ্ৰহণ কৰিছে । তেওঁলোকে এই সন্দৰ্ভত অসম প্ৰকাশন পৰিষদ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাৰ লগত বিভিন্ন সময়ত এই সমস্যা সন্দৰ্ভত আলোচনা কৰিছে যদিও কোনো সুফল পোৱা নাই ৷

সন্থাই অসম প্ৰকাশন পৰিষদৰ শিশু গ্ৰন্থ মেলাখন উত্তৰ-পূব গ্ৰন্থ মেলাৰ পাছত অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাইছিল আৰু প্ৰয়োজনত তেওঁলোকক সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাসো দিছিল ৷ কিন্তু অসম প্ৰকাশন পৰিষদ এই সন্দৰ্ভত নিজৰ মতত অটল আছে বুলি জানিবলৈ দিয়ে ।ইফাল মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা গৰাকীয়ে এই সমস্যা সন্দৰ্ভত চৰকাৰৰ কোনো হস্তক্ষেপ নাই এই সন্দৰ্ভত চৰকাৰে একো কৰিব নোৱাৰে বুলিহে মন্তব্য দিয়ে ।

তথাপি তেওঁলোকে ৰাজ্যৰ মুখ্য মন্ত্ৰী গৰাকীৰ ওপৰত বিশ্বাস ৰাখি যোৱা ১৬ আগষ্টত সদৌ অসম পুথি প্ৰকাশন পৰিষদও বিক্ৰেতা সন্থা আৰু উত্তৰ পূব গ্ৰন্থ মেলা ৰাজহুৱা উপদেষ্টা সমিতিয়ে দুখন কৈ আবেদন প্ৰেৰণ কৰিছে । ইফালে সমস্যাটো সন্দৰ্ভত সঁহাৰি পোৱা আশাৰে সদৌ অসম পুথি প্ৰকাশন পৰিষদ আৰু বিক্ৰেতা সন্থাৰ প্ৰতিনিধিয়ে অসমৰ শিক্ষা মন্ত্ৰী গৰাকীক লগ ধৰি সমগ্ৰ বিষয়টো অৱগত কৰিছিল ৷

কিন্তু শিক্ষা মন্ত্ৰী গৰাকীয়ে মাত্ৰ ২ মিনিট সময় লগ দি তেওঁলোকক নিৰাশ কৰি যিকোনো এখন গ্ৰন্থমেলাহে অনুষ্ঠিত হ’ব বুলি মন্তব্য দাঙি ধৰে । ইফালে উত্তৰ-পূব গ্ৰন্থ মেলাত অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গে বিনাপাৰিশ্ৰমিকে ব্ৰেণ্ড এম্বেচাদৰ হোৱাৰো সন্মতি প্ৰকাশ কৰাৰ সময়তে গ্ৰন্থমেলা খন বন্ধ কৰিবলৈ লোৱাত চিন্তিত হৈ পৰিছে আয়োজক সমিতি তথা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থা । তেওঁলোকে নিৰ্দিষ্ট সময়ত উক্ত ঠাইত উত্তৰ-পূব গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনত ন্যায়ালয়ৰ দাৰস্থ হ’ব বুলিও জানিবলৈ দিয়ে ।

Your Comments