দুশবছৰৰ ইতিহাস বুকুত সামৰি-চাৰি বিঘা ভূমিত সগৌৰৱে থিয় হৈ আছে এজোপা বিশাল বটবৃক্ষ পৰ্যটকক ৰিঙিয়াই মাতে গছজোপাই৷ চাৰিবিঘা ভূমিত গছজোপাৰ বিস্তৃতি বঙাইগাঁও জিলাৰ যোগীঘোপা অঞ্চলত আছে সেই আশ্চৰ্যকৰ গছজোপা । দুশবছৰৰো অধিক কালৰ ইতিহাস বুকুত সামৰি থকা বিশাল গছজোপা চাবলৈ দূৰ-দূৰণিৰ পৰা বহু পৰ্যটকৰ সমাগম হয়।চৰকাৰী অৱহেলা, প্ৰচাৰ আদিৰ অভাৱ স্বত্বেও পৰ্যটকসকলে ঠাল-ঠেঙুলিৰে ভৰা বিশালকায় গছজোপা দৰ্শন কৰি নয়ন সাৰ্থক কৰে । পৰিতাপৰ কথাটো হ’ল, গছজোপাৰ বিষয়ে জনাবলৈ নাই কোনোধৰণৰ উদ্যোগ ।
পৰ্যটকৰ বাবেও নাই পৰ্যাপ্ত সা-সুবিধা । সীমাহীন অভাৱক উপলুঙা কৰি জীয়াই থকা গছজোপাক লৈয়ে কিন্তু পৰ্যটনৰ কেন্দ্ৰ এটা গঢ়াৰ যথেষ্ট সুবিধা আছিল । এই বৃহৎ বট গছজোপা আছে যোগীঘোপাৰ খোৰাগাঁও ২য় খণ্ডৰ গেৰামাৰীত । প্ৰায় ৪ বিঘা ভূমি সামৰি অসংখ্য ঠাল-ঠেঙুলিৰে বিশালকায় ৰূপ ধাৰণ কৰা গছজোপা অকৌলই যেন এখন অৰণ্য । প্ৰতিটো ঠালৰ পৰা ওলোৱা স্তম্ভমূলৰ আকাৰ ইমানেই বৃহৎ যে বহুজনৰ বাবে প্ৰকৃত গছজোপা ক’ত সেইটো উলিওৱা কঠিন হৈ পৰে।
উল্লেখযোগ্য যে ,গছজোপাৰ প্ৰকৃত আয়ুস কিমান সেই সন্দৰ্ভত কোনোধৰণৰ তথ্য পোহৰলৈ অহা নাই।একাংশ জেষ্ঠলোকৰ বাবে গছজোপাৰ বয়স দুশবছৰতকৈ অধিক হ’ব ।কিছু বছৰ পূৰ্বলৈকে গছজোপাৰ বিস্তৃতি অধিক আছিল যদিও অগ্নিকাণ্ড এটাত ঠাল-ঠেঙুলিৰ ক্ষতি হোৱাত গছজোপা যথেষ্ট পৰিমাণে সংকুচিত হয় । গঞাই জানিবলৈ দিয়া মতে, গছজোপা দৰ্শন কৰিবলৈ দূৰ-দূৰণিৰ পৰা পৰ্যটক আহে।কিন্তু গছজোপালৈ যোৱাৰ বাট তেনেই জৰাজীৰ্ণ ।
ঐতিহাসিক গছজোপা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ ৰূপে জীয়াই ৰাখিবলৈ বৈজ্ঞানিক পদক্ষেপৰ প্ৰয়োজন । কিন্তু আজিলৈকে চৰকাৰে তেনে কোনো পদক্ষেপ ই নললে। ইয়াৰ বিপৰীতে আজিও অঞ্চলটোৰ শিশু সকলৰ বাবে বৃহৎ গছজোপা খেলৰ লগৰী।ডেকাসকলৰ বাবে আলোচনাৰ থলী আৰু বয়োজেষ্ঠ সকলৰ বাবে আধ্যাত্মিক চিন্তাৰ থলী।দুশবছৰৰো অধিক সময়জুৰি সগৌৰৱে জীয়াই থকা গছজোপাৰ বাবে চৰকাৰে কি পদক্ষেপ লয় তাৰেই প্ৰতীক্ষাত অঞ্চলবাসী ।
- Log in to post comments
- 38 views