বঙাইগাঁৱৰ প্ৰতিবেদক:
চিৰাং জিলাৰ ছাপাগুৰিস্থিত নৱনিৰ্মিত ডনবস্কো মহাবিদ্যালয়খন সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মহাবিদ্যালয়খনৰ উদ্বোধন উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত ডনবস্কো বিদ্যালয়ে গুণগত শিক্ষা দি আহিছে বুলি উল্লেখ কৰে।তেওঁ নিজে ডিব্ৰুগড় ডনবস্কোৰ পৰা শিক্ষা গ্ৰহণ কৰা বুলি উল্লেখ কৰি শতাধিক বছৰ ধৰি শিক্ষা প্ৰদান কৰি অহা ডনবস্কোই ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে বুলিও কয় ৷ বিশেষকৈ ছাত্ৰীসকলৰ ক্ষেত্ৰত ডনবস্কোই সুকীয়াভাৱে যি ধৰণে শিক্ষা দান কৰে সেয়া কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যি 'বেটী বাচাও, বেটী পঢ়াও' নীতিৰ সেই আঁচনিক অধিক গুৰুত্ব প্ৰদান কৰে বুলিও উল্লেখ কৰে ৷ তেওঁ বিশ্বৰ উন্নত দেশসমূহৰ সৈতে ফেৰ মাৰিবলৈ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে গুণগত শিক্ষাৰ প্ৰতি গুৰুত্ব দিছে বুলিও উল্লেখ কৰি শিক্ষাৰ গুণগত মান উন্নত কৰাৰ লক্ষ্যৰে মহাবিদ্যালয়খন উদ্বোধন কৰা হৈছে বুলিও কয়। বিজ্ঞান - প্ৰযুক্তিবিদ্যাৰ আজিৰ এই যুগত ভাৰতীয় শিক্ষা ব্যৱস্থাক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বৰ বুকুত শীৰ্ষস্থানত উপনীত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও মুখ্যমন্ত্ৰী সোণোৱালে নিজৰ ভাষণত উল্লেখ কৰে ৷ ইফালে মঞ্চত কাষতে বহি থকা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকো বিটিএডি অঞ্চলত শান্তি স্থাপনেৰে উন্নয়নৰ কাম কৰি থকাত প্ৰশংসাৰে উপচাই তোলে মুখ্য মন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে এইখন মহাবিদ্যালয়ৰ পৰা নামনিৰ বৃহৎ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে গুণগত শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰে । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ একৈশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ তথা তাৰ বহুমুখী প্ৰকাশৰ পৰিপ্ৰেক্ষিতত শুণগত শিক্ষাৰ অতি প্ৰয়োজন হৈ পৰিছে বুলি উল্লেখ কৰি ডনবস্কো শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰীক শুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলিও কয় ৷ বঙাইগাঁও ডায়োচিচৰ বিশ্বপ থমাছ পুল্লুপিল্লিলৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ এই ডনবস্কো মহাবিদ্যালয় উদ্বোধনী অনুষ্ঠানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, ৰাজ্যৰ পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম, সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, গুৱাহাটী চেলেচিয়ান প্ৰভিঞ্চিয়ালৰ ফাদাৰ জানুৱাৰিয়াচ এছ চাংমা, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইচৰাম লাডু সিং, গুৱাহাটী ডনবস্কো স্কুলৰ অধ্যক্ষ ফাদাৰ চেবাস্তিয়ান মেথিউ, চিৰাঙৰ উপায়ুক্ত গৌতম তালুকদাৰ ,চাপাগুৰিস্থিত নৱনিৰ্মিত মহাবিদ্যালয়খনৰ অধ্যক্ষ ফাদাৰ আলেক্স মেথিউ আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।
- Log in to post comments
- 22 views