শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:
শিৱসাগৰ জিলাখনৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশাসন যন্ত্ৰ আৰু উপায়ুক্তক নিচেই কাষৰ পৰা লগ পোৱাৰ, জনাৰ আৰু ভাৱ বিনিময় কৰাৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে সোমবাৰৰ পৰা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াৰ উদ্যোগত এক বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। "Meet the DC" শীৰ্ষক এই কাৰ্যসূচী প্ৰতি সোমবাৰে বিয়লি ৪ বজাত এঘন্টাৰ বাবে অনুষ্ঠিত হ'ব য'ত একোখনকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এই সুযোগ গ্রহণ কৰিব পাৰিব।
শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত সোমবাৰে অনুষ্ঠিত এই কাৰ্যসূচীত স্থানীয় লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। উপায়ুক্ত গৰাকীয়ে তেওঁলোকৰ লগত বিভিন্ন-বিষয়ৰ ওপৰত মত-বিনিময় কৰে।
উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই ছাত্র-ছাত্ৰী সকলক নিষ্ঠাৰে অধ্যয়নত আত্মনিয়োগ কৰি নিজৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ ভেটি নিৰ্মাণৰ বাবে উৎসাহ যোগায়। দেশৰ একোগৰাকী সুনাগৰিক হ'বলৈ তেওঁলোকক প্ৰয়োজনীয় গুণসমূহ আয়ত্ব কৰিবলৈ এতিয়াৰে পৰা সচেষ্ট হ'বলৈ তেওঁ বিভিন্ন পৰামৰ্শ আগবঢ়ায়। লগতে তেওঁ উপস্থিত শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক ছাত্ৰ-ছাত্ৰী সকলক সদায় সৎ পথত চলাৰ বাবে পথ প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। তেওঁলোকৰ মাজত লুকাই থকা প্ৰতিভা আৰু সম্ভাৱনাক বিকশিত হ'ব পৰাকৈ এক সুস্থ বাৰ্তাবৰণ প্রদান কৰিবলৈ সকলোৱে মনোনিবেশ কৰিব লাগিব বুলিও তেওঁ মতপোষণ কৰে।
উপায়ুক্তগৰাকীয়ে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী সকলক পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতন কৰাৰ লক্ষ্যৰে একোটাকৈ গছ-পুলি উপহাৰ স্বৰূপে প্ৰদান কৰি এই সমূহক আদৰ-সাদৰ কৰি প্রতিপালন কৰিবলৈ আহ্বান জনায়।
- Log in to post comments
- 10 views