শুৱালকুছিৰ পৰা মৃণাল ডেকা:
কামৰূপ জিলাৰ বংশৰত সুধাকণ্ঠ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত বংশৰ তিনিআলি চ’কত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ অষ্টম সংখ্যক মৃত্যু বাৰ্ষিকীৰ দিনটোত দিনজোৰা কাৰ্যসূচীৰে মহান শিল্পীজনক শ্ৰদ্ধাৰে সুৱঁৰিছে৷
সুধাকণ্ঠ স্মৃতি ৰক্ষা সমিতি ,বংশৰৰ উদ্যোগত পুৱা অনাতাঁৰ শিল্পী দীপজ্যোতি কলিতাই ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায়।শুৱালকুছি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা অতুল দাসে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই বক্তব্য প্ৰদান কৰে৷
ইয়াৰ পিছতে মহান শিল্পীজনৰ স্মৃতিত বিশেষ অনুষ্ঠান 'পদপথত ভূপেনদাৰ সংগীত' শীৰ্ষক এটা ব্যতিক্ৰমী সংগীত অনুষ্ঠানৰ আয়োজন কৰে।অনুষ্ঠানটোত সংগীত শিল্পী কৰিস্মা দাস আৰু দীপজ্যোতি কলিতাই ড° ভূপেন হাজৰিকাৰ কেইবাটাও কালজয়ী গীত পৰিৱেশন কৰে।অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী গৌতম বৈশ্য,৮৭ নং বংশৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ৰমেশ চন্দ্ৰ দাস,'আছু' নেতা ৰিংকু নাথ,শিক্ষক ইন্দ্ৰকান্ত বৈশ্য আদিকে ধৰি বংশৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।সন্ধিয়ালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন অনুষ্ঠানত সকলোৰে উপস্থিতি কামনা কৰিছে সুধাকণ্ঠ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি কনক দাসে ।আনহাতে ২ নং পূব - বংশৰ আঞ্চলিক ছাত্ৰ সন্থাই দদৰা কেন্দ্ৰীয় শ্বহীদ বেদীৰ প্ৰাঙ্গণত যাযাবৰী শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদনৰ অনুষ্ঠানৰ আয়োজন কৰে।অনুষ্ঠানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা,২ নং পূব বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মনোৰঞ্জন দাস,সাধাৰণ সম্পাদক সীমান্ত শৰ্মা,উপ-সভাপতি কৃষ্ণ বনিয়া আদি উপস্থিত থাকে।সন্ধিয়ালৈ বংশৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত বংশৰ তিনিআলি চ’কৰ শ্বহীদ বেদী প্ৰাংগনত বন্তি প্ৰজ্বলন হ'ব বুলি জানিবলৈ দিয়ে ৷
- Log in to post comments
- 78 views