নলবাৰীৰ পৰা হেমন্ত কলিতা:
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি নলবাৰী জিলা ছাত্ৰ সন্থাই শ্বহীদ ভৱনৰ পৰা সোমবাৰে বৃহৎ প্ৰতিবাদী সমদল উলিয়াই। নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজোতি পাঠক, সম্পাদক অক্ষয় ডেকাৰ লগতে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিমান বৰ্মনৰ লগতে ছাত্ৰ সন্থাৰ কেইবা শতাধিক কৰ্মীয়ে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰধানমন্ত্ৰী হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, জাতিধ্বংসী কেব মানি লোৱা নহব, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্লোগানেৰে নলবাৰী চহৰৰ আটাইবোৰ ৰাজপথ উত্তাল কৰি তোলে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত 'কেব' বাতিলৰ দাবীত জিলা আছুৰ কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে নলবাৰীৰ শ্বহীদ ভৱনৰ পৰা চহৰৰ মাজেৰে পুনৰ শ্বহীদ ভৱনলৈ এনেদৰে প্ৰতিবাদী মিছিল উলিয়াই 'কেব' বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কোনো কাৰণতে অসমীয়া জাতিৰ অভিশাপ স্বৰূপ বিধেয়কখন গৃহীত হ'বলৈ নিদিয়ে বুলি হুংকাৰ দিয়ে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক প্ৰমুখ্য কৰি ছাত্ৰ কৰ্মীসকলে।
- Log in to post comments
- 7 views